NORTHEAST NOW (Assamese)
অসম

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮৩ লাখ অতিক্ৰম, ২৪ ঘণ্টাত ৪৬,২৫৩ গৰাকী আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2020 1:55 pm

ভাৰতত ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৮৩ লাখৰ ঘৰ।

প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধত আক্ৰান্ত হৈ আছে।

ভাৰতত যোৱা ২৪ ঘণ্টাত ৪৬,২৫৩ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ফলত ভাৰতত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮৩,১৩,৮৭৬ লৈ বৃদ্ধি পালে।

আনহাতে বিগত ২৪ ঘণ্টাত দেশৰ ৫১৪ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে। মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১,২৩,৬১১ গৰাকী।

বৰ্তমান ভাৰতত ৫,৩৩,৭৮৬৭ গৰাকী ৰোগী সক্ৰিয় হৈ থকাৰ বিপৰীতে ৭৬,৫৬,৪৭৮ গৰাকী লোক ক’ৰ’নামুক্ত হৈছে। এই তথ্য আগবঢ়াইছে দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে।

ইফালে, আই চি এম আৰে জনোৱা মতে দেশত এই পৰ্যন্ত ১১,২৯,৯৮,৯৫৯ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১২,০৯,৬০৯ গৰাকী লোকৰ টেষ্ট কৰা হৈছিল মঙলবাৰে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি দেশত ক’ৰ’নাৰ আৰোগ্যৰ হাৰ ৯২.০৯ শতাংশ আৰু মৃত্যুৰ হাৰ হৈছে ১.৪৯ শতাংশ।

ইফালে দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা ৪,০৩,০৯৬ গৰাকী হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক ১৬,৯২,৬৯৩ গৰাকী এই ভাইৰাছৰ কৱলত পৰিছে।