NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত চলি আছে বুটিকছ অৱ ইণ্ডিয়াৰ দুদিনীয়া প্ৰদৰ্শনী

Posted by: এন ই নাও নিউজ March 11, 2018 4:22 pm

গুৱাহাটীৰ তাজ ৱিৱান্তা হ’টেলত বুটিকছ অৱ ইণ্ডিয়াই আয়োজন কৰা প্ৰদৰ্শনী চলি আছে।

যোৱা শনিবাৰে আৰম্ভ হোৱা এই দুদিনীয়া অনুষ্ঠানটো বুটিকছ অৱ ইণ্ডিয়াই আয়োজন কৰা প্ৰদৰ্শনীৰ ২৩ সংখ্যক সংস্কৰণ।

মিচেজ য়ুনাইটে’ড নে’শ্বন ২০১৭ খ্যাত ৰশ্বনি হাচানে মুখ্য অতিথি হিচাপে এই অনুষ্ঠানটো উদ্বোধন কৰে।

গোটেই দেশজুৰি যোৱা পাঁচ বছৰে ২০ খন চহৰত ৭০ টাতকৈও অধিক প্ৰদৰ্শনী অনুষ্ঠিত কৰা বুটিকছ অৱ ইণ্ডিয়া বিবাহৰ সাজপাৰ আৰু গহনা প্ৰদৰ্শনী আয়োজনকাৰী সংস্থা।

প্ৰদৰ্শনীখনত ফেশ্বন পৰিচ্ছদ, শিশুৰ পোচাক, হস্ততাঁত সামগ্ৰী, গহনা আৰু গৃ্হ সজ্জা সামগ্ৰীৰ বিপনী আছে।

প্ৰদৰ্শনীখনৰ ৰাহি হোৱা ধনবোৰেৰে গুৱাহাটীৰ দৰিদ্ৰসকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিব।

এই বিতৰণ কল্যাণী নিবাস আশ্ৰয় গৃ্হত অনুষ্ঠিত হ’ব।