NORTHEAST NOW (Assamese)
অসম

শ্বিলং-দিল্লী বিমান সেৱা আৰম্ভ কৰা সিদ্ধান্তৰ বাবে মেঘালয় চৰকাৰক প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 6:45 pm
Jitendra Sing

ড’নাৰ (য়ুনিয়ন ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’ন) মন্ত্ৰী জিতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে মেঘালয় চৰকাৰক প্ৰশংসা কৰে।

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা নতুন দিল্লীলৈ প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত মেঘালয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক বৃহস্পতিবাৰে ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে উচ্চ প্ৰশংসা কৰে।

‘‘অসমৰ পুৰণি ৰাজধানী আৰু মেঘালয়ৰ ৰাজধানী হিচাপে শ্বিলঙৰ পৰা দিল্লীলৈ প্ৰত্যক্ষ বিমান সেৱা এক দীৰ্ঘদিনীয়া প্ৰয়োজন আছিল…..শ্বিলঙবাসীৰ বাবে এয়া নিতান্তই প্ৰয়োজন,’’ মেঘালয় চৰকাৰৰ সিদ্ধান্তক প্ৰশংসা কৰি জিতেন্দ্ৰ সিঙে এইদৰে লিখে।

ডিচেম্বৰ মাহৰ পৰা শ্বিলং আৰু নতুন দিল্লীৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব।

মুখ্য মন্ত্ৰী কনৰাড চাংমাই এই বিমানসেৱাৰ ফলত শ্বিলঙ তথা সমগ্ৰ মেঘালয়ৰ জনসাধাৰণ উপকৃত হ’ব বুলি মত প্ৰকাশ কৰে।