NORTHEAST NOW (Assamese)
অসম

উদ্বেগজনক! স্কুল আৰম্ভ হোৱাৰ মাত্ৰ তিনিদিনতে কৰ’নাত আক্ৰান্ত হ’ল ৫০০ৰো অধিক শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 10:38 am
students3-1593599671

বিভিন্ন ৰাজ্যত পৰ্যায়ক্ৰমে স্কুল-কলেজসমূহ খোলাৰ বাবে প্ৰস্তুতি চলোৱাৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ এক উদ্বেগজনক খৱৰে সকলোকে শংকিত কৰি তুলিছে।

ৰাজ্যখনত স্কুল খোলাৰ মাত্ৰ তিনিদিনতে চৰকাৰী হাইস্কুলৰ ৫৭৫গৰাকী শিক্ষাৰ্থী আৰু ৮২৯গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

যোৱা ২ নৱেম্বৰৰ পৰা ৰাজ্যখনত নৱম, দশম আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোভিড-১৯ৰ নিয়ম অনুসৰণ কৰি বিদ্যালয় খোলা হৈছিল।

আনহাতে, এই পৰিসংখ্যাক উদ্বেগজনক বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে ৰাজ্যখনৰ প্ৰশাসনিক কৰ্তৃপক্ষই।

যোৱা মাৰ্চত লকডাউন আৰম্ভ হোৱাৰ পাছৰে পৰা স্কুল-কলেজকে ধৰি সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ আছে আৰু তাৰ পাছত প্ৰথমতে অনলাইন শ্ৰেণী আৰম্ভ কৰা হয়। আনলক-৫ত কেন্দ্ৰই পৰ্যায়ক্ৰমে স্কুল-কলেজসমূহ খোলাৰ অনুমতি দিছে।

শিক্ষা প্ৰতিষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহকে চূড়ান্ত সিদ্ধান্ত ল’বলৈ কোৱা হৈছে।

যোৱা ২ নৱেম্বৰত কোভিড বিধি মানি অন্ধ্ৰপ্ৰদেশতো নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পাঠদান আৰম্ভ কৰা হয়। কিন্তু তাতেই ঘটিল অথন্তৰ।

অভিভাৱকসকল এনে ঘটনাত উদ্বিগ্ন হৈ পৰিছে। মাত্ৰ দুটা শ্ৰেণীৰ পাঠদান আৰম্ভ কৰি তিনিদিনতেই পাঁচশৰো অধিক শিক্ষাৰ্থী আক্ৰান্ত হৈছে। স্বাভাৱিকতে সকলো শ্ৰেণী আৰম্ভ কৰিলে এই পৰিসংখ্যা কিমান চুবগৈ সেয়া অকল্পনীয় হৈ পৰিছে।