NORTHEAST NOW (Assamese)
অসম

শৰীৰৰ তেজেৰে লিখি অখিল গগৈৰ মুক্তিৰ দাবী; মুণ্ডন কৰি প্ৰতিবাদ মনোজ গগৈৰ

Posted by: নিৰ্মলানেন্দু পাঠক Updated by: নিৰ্মলানেন্দু পাঠক November 6, 2020 7:48 pm

যিসময়ত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি ৰাজ্যৰ মুখ্য মন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে কেইবাজনো কেন্দ্ৰীয় নেতাই মুক্তিৰ দাবী তোলাৰ সময়ত টীয়কত অখিল গগৈৰ মুক্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

প্ৰায় ১১ মাহে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী তুলি আজি অসম প্ৰেমী যুৱ ছাত্র সমাজৰ প্ৰাক্তন মুখ্য উপদেষ্টা মনোজ গগৈয়ে নিজৰ শৰীৰৰ তেজেৰে ‘অখিল গগৈক মুক্তি দিয়ক’,  ‘জয় আই অসম’  লিখি নেতা গৰাকীৰ মুক্তিৰ দাবী তোলে।

সংগঠনটোৰ টীয়কস্থিত মুখ্য কাৰ্যালয়ত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত মনোজ গগৈয়ে শৰীৰৰ তেজেৰে অংকন কৰি অখিল গগৈৰ মুক্তিৰ দাবী জনোৱাৰ লগতে মুণ্ডন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰে।

মনোজ গগৈয়ে শীঘ্ৰে অখিল গগৈৰ মুক্তিৰ দাবী জনাই অন্যথা ২০২১ৰ নিৰ্বাচনত বিজেপিৰ এই হিটলাৰী, ফেচিবাদী শাসনৰ উত্তৰ অসমৰ ৰাইজে ইভিএমত দিব বুলি হুংকাৰ দিয়ে।