NORTHEAST NOW (Assamese)
অসম

মোহিত শৰ্মাৰ পিতৃ পৰলোকগামী; হাতত ক’লা বেল্ট পৰিধান কৰি শ্ৰদ্ধাঞ্জলি দিল্লী কেপিটেলছৰ খেলুৱৈৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 7:05 pm
মোহিত শৰ্মাৰ পিতৃ পৰলোকগামী; হাতত ক’লা বেল্ট পৰিধান কৰি শ্ৰদ্ধাঞ্জলি দিল্লী কেপিটেলছৰ খেলুৱৈৰ

পিতৃৰ বিয়োগৰ বাবে য়ুনাইটেড আৰব এৰি ভাৰতলৈ উভতি আহে দিল্লী কেপিটেলছৰ বেগী বলাৰ মোহিত শৰ্মা।

চলিত আই পি এলত মোহিত শৰ্মাই মাত্ৰ এখন খেলত দিল্লী কেপিটেলছৰ হৈ অংশগ্ৰহণ কৰিছে।

পিতৃৰ বিয়োগৰ বাতৰি লাভ কৰাৰ পাছতে ৩২ বছৰীয়া বেগী বলাৰ গৰাকীয়ে মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্রথমখন কোৱালিফায়াৰৰ পূৰ্বে নিজ দেশলৈ উভতি আহে।

মোহিত শৰ্মাই চলিত বৰ্ষৰ আই পি এলত দিল্লী কেপিটেলছৰ হৈ কিংগছ এলেভেন পঞ্জাৱৰ বিপক্ষে প্ৰথমখন খেলত অংশ লৈছিল।

উক্ত খেলখনত শৰ্মাই ৪ অভাৰত ৪৫ ৰান ব্যয় কৰি এটা উইকেট দখল কৰিছিল।

খেলখনত পঞ্জাৱৰ বিপক্ষে চুপাৰ অভাৰত দিল্লী বিজয়ী হৈছিল।

মোহিত শৰ্মাৰ স্বৰ্গগামী পিতৃৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি দিল্লী কেপিটেলছৰ খেলুৱৈ সকলে বৃহস্পতিবাৰে হাতত ক’লা বেল্ট পৰিধান কৰি খেলপথাৰত নামিছিল।