NORTHEAST NOW (Assamese)
অসম

কামাখ্যা মন্দিৰলৈ ২০ কিলোগ্ৰাম সোণ দান ৰিলায়েন্সৰ স্বত্তাধিকাৰী মুকেশ আম্বানিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 6:23 pm

কামাখ্যা মন্দিৰৰ মূল গম্বুজক অতি সোনকালে তিনিটা সোণৰ কলসীৰে সজাই তোলা হ’ব।

ৰিলেয়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে কামাখ্যা মন্দিৰক সুন্দৰকৈ সজাই তোলাৰ বাবে এই সোণ প্ৰদান কৰিছে।

ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে আৰু দিপাৱলীৰ পূৰ্বে কাম সম্পুৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।

ৰিলায়েন্স প্ৰতিষ্ঠানে ইয়াৰ বাবে প্ৰয়োজন হোৱা ২০ কিলোগ্ৰাম সোণ কামাখ্যা মন্দিৰলৈ বুলি আগবঢ়াইছে।

উল্লেখযোগ্য যে, কামাখ্যা মন্দিৰৰ মূল গম্বুজত ইতিমধ্যে তিনিটা সোণৰ কলসী আছে যদিও নতুনকৈ নিৰ্মাণ কৰিবলগীয়া কলসী কেইটাৰ আকাৰ পূৰ্বতকৈ ডাঙৰ হ’ব।

ৰিলেয়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে এই কামৰ বাবে ইতিমধ্যে তেওঁলোকৰ অভিযন্তা আৰু শিল্পীৰ দলক নীলাচললৈ প্ৰেৰণ কৰিছে আৰু ৰিলায়েন্স জুৱেলে এই কামৰ তদাৰক কৰিছে।

কামাখ্যা মন্দিৰৰ বৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই ইতিমধ্যে কপাৰৰ প্ৰলেপৰ কাম সম্পুৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিছে।

বতৰে বিঘিনি নজন্মালে দিপাৱলীৰ পূৰ্বে সোণ চৰোৱাৰ কাম সম্পুৰ্ণ হৈ উঠিব বুলিও বৰ দলৈ শৰ্মাই আশা ব্যক্ত কৰিছে।

‘‘আমি এতিয়ালৈ কোনোধৰণৰ বিভাগীয় খবৰ লাভ কৰা নাই যদিও কাম সম্পুৰ্ণ হোৱাৰ পাছত আম্বানী দম্পত্তি কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে আহিব বুলি আশা কৰিছো,’’ মোহিত চন্দ্ৰ শৰ্মাই লগতে কয়।