NORTHEAST NOW (Assamese)
অসম

‘মন কী বাত’ৰ সময়ত প্ৰধান মন্ত্ৰী মোদীক ক’লা কাপোৰ অসমৰ ছাত্ৰ সমাজৰ

Posted by: স্মিতা ভট্টাচাৰ্য্য January 30, 2019 8:10 am
black clothes on Modi

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে ক্ষুভিত হৈ থকা অসমৰ ৰাইজক তথা ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে ‘মন কী বাত’ৰ জৰিয়তে নিজৰ কথা শুনিবলৈ বাধ্য কৰা প্ৰধান মন্ত্ৰী মোদীক এটা সঠিক প্ৰত্যুত্তৰ দিয়ে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰসমাজে।

২৭ জানুৱাৰিত মুখ্য মন্ত্ৰী, হিমন্তক ক’লা পতাকা প্ৰদৰ্শনৰ সময়ত নলবাৰীত আছু কৰ্মীক আৰক্ষী আৰু বিজেপি কৰ্মীয়ে লগ লাগি মাৰপিট কৰাৰ প্ৰতিবাদত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে মোদীৰ মন কী বাতৰ সময়ত ইয়াৰ সম্প্ৰচাৰৰ বাবে ৰখা টিভিটো ক’লা পতাকাৰে ঢাকি দিয়ে।

ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে অপূৰ্ব দাস আৰু প্ৰিয়ম দেবেন গগৈয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰি কয়, ‘নৰেন্দ্ৰ মোদীয়ে অসমৰ ৰাইজৰ মন কী বাত কিমান শুনিছে? অসমৰ ভাষা, সংস্কৃতি, খিলঞ্জীয়া মানুহৰ জাতীয় আৱেগক মোদীয়ে কিমান গুৰুত্ব দিছে?’ভাষণ দি থকা প্ৰধান মন্ত্ৰী মোদীৰ ওপৰত ক’লা কাপোৰ আঁৰি দি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰতিবাদলৈ মহাবিদ্যালয়খনৰ আছু গোটেও পূৰ্ণ সমৰ্থন আগবঢ়ায়।

আনহাতে ২৯ জানুৱাৰিৰ দিনটো বাথৌ পূজাৰ বাবে চৰকাৰী বন্ধ আছিল যদিও প্ৰধান মন্ত্ৰীৰ কথা শুনিবলৈকে বিদ্যালয় খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছিল। ইয়াক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বহুতে ইয়াক টোঘলকী কাণ্ড আখ্যা দিছে।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰীজনে প্ৰতিমাহে দেশবাসীৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিবলৈ প্ৰচলন কৰা ৰেডিঅ’ আৰু দূৰদৰ্শনৰ জৰিয়তে প্ৰচাৰ কৰা মন কী বাতৰ ২৯ জানুৱাৰিৰ সংস্কৰণটোত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰা হৈছিল।