NORTHEAST NOW (Assamese)
অসম

১০ নৱেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ’ব পবিতৰা অভয়াৰণ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2020 8:58 am

সুদীৰ্ঘ সাত মাহৰ বিৰতিৰ অন্তত ১০ নৱেম্বৰৰ পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব পবিতৰা অভয়াৰণ্য।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণ আৰু বানপানীৰ বাবে বিগত মাৰ্চ মাহৰ পৰা পৰিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ হৈ আছিল।

জানিবপৰা মতে, চলিত বৰ্ষৰ বানপানীৰ ফলত পবিতৰা অভয়াৰণ্যৰ জীৱ-জন্তু, গছ-গছনিকে ধৰি কেম্পসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল।

আনহাতে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবেও চলিত বৰ্ষৰ জানুৱাৰি-ফেব্ৰুৱাৰি মাহত অভয়াৰণ্যখনলৈ অতি কম সংখ্যক বিদেশী পৰ্যটক আহিছিল।

কা আন্দোলন আৰু ক’ৰ’না মহামাৰীৰ বাবে পৰিতৰা অভয়াৰণ্যই বৃহৎ লোকচানৰ সন্মুখিন হ’বলগীয়া হৈছিল।

পবিতৰা অভয়াৰণ্যত ১০০ কৈ অধিক গঁড়, ২০০০ বনৰীয়া মহ, সহস্ৰাধিক হৰিণা, সাপ-ঘৰিয়ালকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছত পবিতৰা অভয়াৰণ্যত সৰ্বাধিক গঁড় আছে।