NORTHEAST NOW (Assamese)
অসম

পুনৰ ইছৰোৰ মহাকাশ অভিযান; লকডাউনৰ পাছত আজি উৎক্ষেপন কৰিব নতুন উপগ্ৰহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2020 8:50 am
746985-isro

মহাকাশত পুনৰ উপগ্ৰহ পঠাবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো। কৰ’না পৰিস্থিতিত আন সংস্থাসমূহৰ দৰে ইছৰোৰো কামকাজ বন্ধ হৈ পৰিছিল।

শনিবাৰে পুনৰ ইছৰোই আৰম্ভ কৰিব নতুন অভিযান। সংস্থাটোৱে পিএছএলভি ৰকেটত EOS01 নামৰ পৃথিৱী পৰ্যবেক্ষনকাৰী উপগ্ৰহটো মহাকাশলৈ প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে।

বাতৰি অনুসৰি, আজি আবেলি ৩বাজি ২মিনিটত চেন্নাইৰ সমীপৰ শ্ৰীহৰিকটাৰ সতীশ ধাৱান চেন্টাৰৰ পৰা পিএছএলভি ৰকেটটো উৎক্ষেপন কৰা হ’ব।

অৱশ্যে, কেবল ভাৰতৰ EOS01উপগ্ৰহই নহয়, ইয়াৰ উপৰি ৯টা আন উপগ্ৰহও একেই ৰকেটত মহাকাশলৈ পঠিয়াব। ইয়াৰ ভিতৰত আমেৰিকাৰ ৪টা, লুক্সেমবাৰ্গৰ ৮টা আৰু লিথুৱানিয়াৰ।

ভাৰতৰ EOS01 উপগ্ৰহটো এটা কৃষি পৰ্যবেক্ষণ যান যিয়ে কৃষি, বনাঞ্চল সুৰক্ষা তথা প্ৰাকৃতিক দুৰ্যোগ মোকাবিলাৰ বাবে ব্যৱহাৰ কৰা হ’ব।

উপগ্ৰহটো দিন আৰু নিশাৰ ছবি তুলিবলৈ তথা পৰ্যবোক্ষণ চলোৱাত কাৰ্যকৰী।

এইটো ২০২০চনত ভাৰতৰ প্ৰথমটো মহাকাশ অভিযান হ’বলৈ আগবাঢ়িছে।

ইপিনে. সংক্ৰমণৰ আশংকাৰ বাবে ইয়াৰ উৎক্ষেপৰ সময়ত সংবাদমাধ্যমক দূৰত ৰখা হৈছে। সেইদৰে গেলাৰীতো দৰ্শক নাথাকিব।