NORTHEAST NOW (Assamese)
অসম

দেশৰ বাবে মেডেল কঢ়িয়াই আনি মোৰ ডিউটি মই কৰি যাম: লাভলীনা বৰগোঁহাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2021 11:00 am
Lovlina press meet

হোটেল তাজ ভিভান্টাত অলিম্পিক পদক অৰ্জন কৰা লাভলীনা বৰগোঁহাইয়ে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি লাভলীনাই কয়,”ভাৰতৰ শিক্ষা ব্যৱস্থাত ক্ৰীড়া বিষয়টো থাকিব লাগে। তেতিয়া সৰুৰে পৰা সকলোৱে ক্ৰীড়া জগতত আগবাঢ়ি যাব পাৰিব। এনে কৰিলে ভাৰতত থকা প্ৰতিভাসমূহ ওলাই আহিব।‘’

লাভলীনাই কয় যে আমাৰ দেশৰ খেলুৱৈসকলে বহুত কষ্ট কৰিব পাৰে। সেয়ে, খেলক যদি বাধ্যতামূলক কৰা হয় তেতিয়াহ’লে অহা ১০ বছৰতে ভাৰতত বহুত বেছি মেডেল পোৱা খেলুৱৈ ওলাব আৰু আন দেশকো চেৰ পেলাব পাৰিব।

দেশত খেলক লৈ বহুত সমস্যা আছে বুলি উল্লেখ কৰি লাভলীনাই কয় যে আমাৰ ইয়াত শিক্ষাত খেলক প্ৰাধান্য দিয়া হোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে অলিম্পিক পদক বিজয়ী খেলুৱৈগৰাকীয়ে মন্তব্য কৰি কয় যে আমাৰ ইয়াত প্ৰশিক্ষকসকলেও আনকি খেলি খেলিহে শিকে। আমাৰ ইয়াত ল’ৰা-ছোৱালীক কেৰিয়াৰৰ চিন্তা কৰি অভিভাৱকেও খেলত নিদিয়ে। বিদেশত খেলত স্নাতক কৰাৰো সুবিধা আছে। ফলত তেওঁলোকে বিজ্ঞানসন্মতভাৱে শিকাৰ সুবিধা লাভ কৰিব পাৰে।”

লাভলীনাই স্পষ্ট কৰি দিয়ে যে তেওঁ আৰম্ভণিৰে পৰা চাকৰিৰ বাবে খেলা নাছিল। তেওঁৰ লক্ষ্য আছিল অলিম্পিক।

তেওঁ কয়,’’ডিএছপি চাকৰি মোক ডিউটি কৰিবলৈ দিয়া হোৱা নাই। মই দেশৰ বাবে মেডেল কঢ়িয়াই আনি মোৰ ডিউটি মই কৰি যাম।‘’

সংবামমেলত লাভলীনাই কয়, ‘’মা দেউতাৰ সহায়ৰ বাবেই ইমান আগুৱাই যাব পাৰিলো। তেওঁলোকে ছোৱালী হোৱা বাবে কেতিয়াও ঘৰতে সোমাই থাকিবলৈ কোৱা নাছিল। আমাৰ ঘৰৰ তিনিওজনী ছোৱালীকে মা দেউতাই কিবা এটা কৰিবলৈ সমৰ্থন কৰে।‘’

আনহাতে, সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লাভলীনাৰ পিতৃয়ে কয়,’’ আচলতে তাই বৰ আৱেগিক। মই যেনেকুৱা তাইও তেনেকুৱা। ছোৱালী হিচাপে জন্ম হৈছে যেতিয়া সিহঁত আত্মনিৰ্ভৰ হোৱাটো বিচাৰিছিলো।‘’

সংবাদমেলখনত ৰাজ্যৰ  ক্ৰীড়া মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে।