NORTHEAST NOW (Assamese)
অসম

ক্লিক কৰিলেই খালী হৈ যাব পাৰে বেংক একাউন্ট; এনে কোনবোৰ লিংকৰ পৰা সাৱধান হ’ব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2021 10:17 am
cyber security

সম্প্ৰতি ভীষণভাৱে অনলাইন প্ৰৱঞ্চনাৰ মাত্ৰা বৃদ্ধি পাবলৈ লৈছে। একাউন্ট বন্ধ হৈ গৈছে, ডেবিট কাৰ্ড বাতিল হৈছে বুলি নানা ধৰণৰ ছলাহী কথাৰে সাধাৰণৰ লোকৰ বেংক একাউন্ট খালী কৰি নিছে প্ৰৱঞ্চকে।

ইয়াৰ লগতে এতিয়া নতুনকৈ আহিছে ‘কে ৱাই চি’ৰ নামত জালিয়াতিৰ প্ৰৱঞ্চকৰ দল। বহুতেই এনেকুৱা প্ৰৱঞ্চকৰ ফান্দত ভৰি দি কে ৱাই চিৰ প্ৰপত্ৰ পূৰণ কৰি একাউন্টৰ সকলো হেৰুৱাই কপালত হাত দিছে।

এনে প্ৱঞ্চকসকলৰপৰা কেনেদৰে ৰক্ষা পৰিব? কোনবোৰ লিংকত ভুলতো ক্লিক নকৰিব সেয়া জনাতো জৰুৰী। চাওক নিজৰ একাউন্ট সুৰক্ষিত ৰাখিবলৈ কি কৰিব।

* কে ৱাই চি ভেৰিফিকেশ্যনৰ বাবে প্ৰথমতে ফোনত এটা লিংক পঠোৱা হয়। তাত ক্লিক কৰিলেই এটা অ’টিপি আহে। সেই অ’টিপি দিলেই খালী হৈ যাব পাৰে বেংক একাউন্ট।

* বেংকৰ প্ৰকৃত ৱেবছাইটৰ পৰা পৃথক এক ধৰণৰ লিংক ফোনত আহিব পাৰে। সেইটো দেখিবলৈ এনেকুৱা:  ‘[http://]1a4fa3e03758. ngrok [.] io/xxxxxx’। শেহৰ ‘xxxxxx’ অংশটোত আপোনাৰ বেংকৰ নাম থাকিব। ভুলতেও এনে লিংকত ক্লিক নকৰিব।

* প্ৰৱঞ্চনাৰ বাবে এনে ধৰণৰ লিংকৰ শেষত কে ৱাই চি সাদৃশ্যৰ শব্দও থাকিব পাৰে। যেনে:  ‘http://1e2cded18ece.ngrok[.]io/xxxxxx/full-kyc.php’। ইয়াতো ‘xxxxxx’ অংশটোত আপোনাৰ বেংকৰ নাম থাকিব। এনে লিংকতো ক্লিক নকৰিব।

* এনেধৰণৰ প্ৰৱঞ্চকৰ লিংকৰ আৰম্ভণিতে এইচ টি টি পি এছৰ সলনি কেবল এইচ টি টি পি থাকে। যেনে:  http://1d68ab24386.ngrok[.]io/xxxxxx/। এনে লিংকতো ক্লিক নকৰিব।

* সেইবুলি এইচ টি টি পি এছ থাকিলেই লিংক সুৰক্ষিত বুলি নাভাৱিব। এইচ টি টি পি এছ থকাও বহু এনে প্ৰৱঞ্চকৰ লিংক আছে। যেনে: ‘https://05388db121b8.sa.ngrok[.]io/ xxxxxx/’। এনেবোৰ লিংকো মুঠেই নিৰাপদ নহয়।