NORTHEAST NOW (Assamese)
দেশ

মহাৰাষ্ট্ৰত মাত্ৰ ৭ মাহতে ১৫০০ ৰো অধিক কৃষকে গ্ৰহণ কৰিছে জীৱনৰ চৰম সিদ্ধান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 22, 2023 7:28 pm

মহাৰাষ্ট্ৰত কৃষকৰ অভাৱনীয় আত্মহত্যাক লৈ কংগ্ৰেছে একনাথ শিণ্ডে নেতৃত্বাধীন শিৱসেনা-বিজেপি-এনচিপি চৰকাৰক আক্ৰমণ তীব্ৰভাবে সমালোচনা কৰিছে কংগ্ৰেছে।

চলিত বৰ্ষৰ প্ৰথম সাত মাহত ১৫০০ৰো অধিক কৃষকে আত্মহত্যা কৰিছে মহাৰাষ্ট্ৰত। বৃহস্পতিবাৰে এই তথ্য দাঙি ধৰিছে ৰাজ্যখনৰ বিৰোধী দলৰ নেতা বিজয় ৱাডেটিয়াৰে। 

এইবাৰ মহাৰাষ্ট্ৰৰ অধিকাংশ অঞ্চলত বৰষুণৰ ব্যাপক ঘাটি দেখা গৈছে, যাৰ বাবে মাত্ৰ ৭ মাহত ১৫০০ কৃষকে আত্মহত্যা কৰিছে বুলি দাবী কৰিছে ৱাডেটিয়াৰে।

দীৰ্ঘদীনে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণ নোহোৱাৰ ফলত ৰাজ্যখনত ভয়াৱহ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত ৰাজ্যৰ কৃষকসকল চৰম অসুবিধাৰ সন্মুখীন হৈছে। প্ৰায় ১৫৫৫ জন কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে।

মহাৰাষ্ট্ৰৰ বিৰোধী নেতা বিজয় ৱাডেটিয়াৰে আজি এই সন্দৰ্ভত শিৱসেনা-বিজেপি-এনচিপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, “মহাৰাষ্ট্ৰৰ ট্ৰিপল ইঞ্জিন চৰকাৰেও ৰাজ্যখনৰ কৃষকৰ জীৱন ৰক্ষা কৰাত ব্যৰ্থ হৈছে।” 

চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৩১ জুলাইলৈ মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত প্ৰায় ১৫৫৫ জন কৃষকে আত্মহত্যা কৰাৰ অভিযোগ ৱাডেটিয়াৰৰ। ৰাজ্যখনৰ ছটা প্ৰশাসনিক সংমণ্ডল – কংকন, বিদৰ্ভ, মাৰাথৱাড়া, উত্তৰ মহাৰাষ্ট্ৰ আৰু পশ্চিম মহাৰাষ্ট্ৰৰ ভিতৰত এই পাঁচটা সংমণ্ডলত সৰ্বাধিক কৃষকৰ মৃত্যু হোৱা বুলিও তেওঁ কয়। তেওঁ দাবী কৰে যে এই পাঁচটা সংমণ্ডলৰ ভয়াৱহ খৰাং পৰিস্থিতিৰ বাবে কৃষকসকলে আত্মহত্যা কৰিবলগীয়া হৈছে।