NORTHEAST NOW (Assamese)
অসম

দিল্লীত মন্ত্ৰী হিচাপে ৰামেশ্বৰ তেলীৰ প্ৰথমখন সংবাদমেল : নামৰূপ সাৰ কাৰখানা, নগাঁও আৰু কাছাৰ কাগজ কলৰ প্ৰসংগ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 31, 2019 10:15 pm
Rameshwar Teli

খাদ্য সংসাধন দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পোৱাৰ এদিন পিছতে ৰামেশ্বৰ তেলীয়ে দিল্লীত আজি প্ৰথমখন সংবাদমেল সম্বোধন কৰি বহুকেইটা পৰিকল্পনাৰ কথা উল্লেখ কৰে।

নিজৰ দপ্তৰটোত বহুতো সম্ভাৱনাৰ লগতে কৰিব পৰাকৈ যথেষ্ট কাম আছে বুলি দাবী কৰে মন্ত্ৰীজনে। প্ৰধান মন্ত্ৰীয়ে ইতিমধ্যে উত্তৰ-পূবৰ ওপৰত বিশেষকৈ লক্ষ্য দিছে বুলিও তেওঁ কয়।

আনহাতে, বিগত ৫ টা বছৰত নামৰূপৰ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰাৰ বাবে চেষ্টা কৰা হৈছিল, প্ৰথমখন মোদী চৰকাৰৰ ১০০ দিনৰ কাৰ্য্যসূচীতো সাৰ কাৰখানাটোৰ কথা উল্লেখ কৰা হৈছিল।

“যিহেতু এইবাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছো, গতিকে মই সাৰ কাৰখানাটোৰ ওপৰত গুৰুত্ব দিম”, সংবাদমেলত তেলীয়ে কয়।

ইয়াৰ উপৰি মন্ত্ৰীজনে নগাঁও আৰু কাছাৰ কাগজ কলকো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত পুনৰুজ্জীৱিত কৰাৰ বাবে চেষ্টা কৰা হ’ব বুলি আশ্বাস দিয়ে।

চাহ বাগিচাৰ কাৰখানাবোৰ, নামৰূপ সাৰ কাৰখানা, নামৰূপ পেট্ৰ’ কেমিকেল-তাপ বিদ্যুৎ কেন্দ্ৰ আৰু গেছ ক্ৰেকাৰৰ দৰে উজনি অসমৰ প্ৰায়বোৰ উদ্যোগেই গেছত চলি আছে বুলি জানিবলৈ দি মন্ত্ৰীজনে কয়, “এইবোৰ চলাৰ বাবে বাহিৰৰ পৰা গেছ অনাৰ প্ৰয়োজন হ’ব। বাহিৰৰ পৰা গেছ আনিবৰ বাবে চৰকাৰৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গেইল, অ’ এন জি চি আৰু অইল ইণ্ডিয়াৰ সহযোগত হালদিয়াৰ পৰা গুৱাহাটীলৈ গেছ গ্ৰীডৰ প্ৰকল্পৰ কাম কৰি থকা হৈছে।”