NORTHEAST NOW (Assamese)
দেশ

ভয়ানক! পত্নীৰ আঙুলি কামুৰি চিঙি পেলালে মদ্যপ স্বামীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 19, 2025 8:08 pm

মদ্যপান কৰি পত্নীৰ আঙুলি কামুৰি চিঙি পেলালে এগৰাকী স্বামীয়ে। নয়ডাৰ ১২ নং ছেক্টৰত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম অনুপ মানচন্দ বুলি জানিব পৰা গৈছে। তেওঁ সম্প্ৰতি কাৰাগাৰত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

২৪ নং ছেক্টৰ ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যাম বাবু শুক্লাই সংবাদ মাধ্যমক জনোৱা মতে, ১৬ এপ্ৰিলত সংঘটিত হৈছিল এই ঘটনা।

শ্যাম বাবু শুক্লাই কয়, “বুধবাৰে নিশা ১০ মান বজাত মদ্যপান কৰি ঘৰলৈ উভতি আহি পত্নীৰ সৈতে কাজিয়া হৈছিল অনুপ মানচন্দ। তাৰ পিছত তেওঁ পত্নীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। অনুপে পত্নীৰ বাওঁহাতত আঙুলি এটা কামুৰি ধৰে। ফলত আঙুলিটো চিগি যায়।উল্লেখ্য যে যোৱা ১৭ এপ্ৰিলত শশী মানচন্দ নামৰ মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে এই গোচৰ ৰুজু হৈছিল।