NORTHEAST NOW (Assamese)
Popular Stories

নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে অল-কায়দাৰ কাশ্মীৰ গোটৰ মুখ্যসহ অন্য দুই সন্ত্ৰাসবাদীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2020 8:59 am
900700-terror

সন্ত্ৰাসবাদী সংগঠন অল-কায়দা কাশ্মীৰ গোটৰ মুখ্যসহ অন্য দুই সন্ত্ৰাসবাদী নিহত হৈছে নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত।

কাশ্মীৰৰ চোপিয়ান জিলাত মঙলবাৰৰ পৰা বুধবাৰৰ সন্ধিয়ালৈকে ভাৰতীয় নিৰাপত্তা বাহিনীৰে সৈতে গুলীয়া-গুলীত তিনি সন্ত্ৰাসবাদী নিহত হয়।

উক্ত সংঘৰ্ষত এজন মেজৰসহ দুজন অসামৰিক লোক আঘাতপ্ৰাপ্ত হৈছে।

শ্ৰীনগৰৰ পৰা ৬০ কিলোমিটাৰ নিলগৰ জেইপুৰাৰ মেলহুৰা গাঁৱত চোপিয়া আৰক্ষী আৰু ৫৫ ৰাষ্ট্ৰীয় ৰাইফলছৰ এটা যুটীয়া গোটে অল-কায়দা কাশ্মীৰ গোটৰ মুখ্য মজিদ ক’কা আৰু দুই সতীৰ্থৰ সৈতে গুলীয়াই হত্যা কৰে।

এক সন্ত্ৰাসবাদীক সংঘৰ্ষতে গুলীয়াই হত্যা কৰা হয় যদিও অন্য দুই সন্ত্ৰাবাদীক ২৪ ঘণ্টাৰ ভিতৰত বিচাৰি বিচাৰি হত্যা কৰা হয় বুলি জানিবলৈ দিছে নিৰাপত্তা বাহিনীৰ সূত্ৰই।

সংঘৰ্ষৰ স্থানত গুলীয়া-গুলী শান্ত হোৱাৰ পিছত বুধবাৰে সেনা-আৰক্ষী দলটোৱে উক্ত স্থানৰ পৰা ক’কা আৰু অন্য দুই সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। অন্য দুই সন্ত্ৰাসবাদীক অন্তনাগৰ নাছিৰ ভাট আৰু কুলগামৰ ওমৰ ফ্ৰাইদী বুলি চিনাক্ত কৰা হৈছে।

নিৰাপত্তাৰক্ষী বাহিনীয়ে উক্ত স্থানৰ পৰা দুটা একে ৪৭ ৰাইফলছ, এটা ৰিভলভাৰ আৰু বৃহৎ পৰিমাণৰ গোলা-বাৰুদ উদ্ধাৰ কৰে।