NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ আৰোগ্য সেতু এপৰ নকল মুকলিৰে ভাৰতীয় সেনা বাহিনীৰ ব্যক্তিগত তথ্য চুৰিৰ নিকৃষ্ট ষড়যন্ত্ৰ পাকিস্তানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2020 8:46 am

নৰেন্দ্ৰ মোদী চৰকাৰে কোভিদ-১৯-ৰ সৈতে যুঁজাৰ বাবে মুকলি কৰা আৰোগ্য সেতু এপক লৈ ষড়যন্ত্ৰ ৰছনা কৰিছে প্ৰতিবেশী পাকিস্তানে।

কোভিদ-১৯-ত আক্ৰান্ত ব্যক্তি সকলৰ ট্ৰেছিঙৰ বাবে ভাৰতে মুকলি কৰা আৰোগ্য সেতু এপৰ পাকিস্তানে নকল মুকলি কৰি ভাৰতীয় সেনা বাহিনীৰ জোৱানৰ ব্যক্তিগত তথ্য চুৰি কৰাৰ বাবে চেষ্টা চলাইছে বুলি ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা কোৱা হৈছে।

ভাৰতীয় চিকিৎসা গৱেষণা সংস্থা (আই চি এম আৰ)ৰ কোভিদ-১৯-ত আক্ৰান্ত ব্যক্তিসকলৰ ডাটাবেছ ব্যৱহাৰ কৰি এই সম্পৰ্কীয় তথ্য সংগ্ৰহ আৰু ইয়াৰ ওচৰে-পাজৰে থকা ব্যক্তি সকলক কোভিদ-১৯ আক্ৰান্ত ব্যক্তি সকল সম্পৰ্কে সজাগ কৰি দিয়াৰ বাবে স্বাস্থ্য সম্পৰ্কীয় এপটো মুকলি কৰা হৈছিল।

জানিব পৰা মতে, পাকিস্তানে ভাৰতৰ আৰোগ্য সেতুৰ নিচিনা একে নামৰ এটা এপ মুকলি কৰি ভাৰতীয় সেনা বাহিনীত কৰ্মৰত জোৱান তথা বিষয়া সকলৰ ব্যক্তিগত তথ্য সংগ্ৰহৰ চেষ্টাৰে তেওঁলোকৰ সৈতে হোৱাটছএপৰ জৰিয়তে সম্পৰ্কৰ প্ৰয়াস কৰিছে।

পাকিস্তানে মুকলি কৰা ভূৱা আৰোগ্য সেতু এপটো এবাৰ মোবাইলত ইনষ্টল কৰি লোৱাৰ পাছত বহু ব্যক্তিগত তথ্য চুৰি কৰিব পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় প্ৰতিৰক্ষা বিষয়া সকলে।

ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা সেনা বাহিনীৰ বিষয়া তথা জোৱান সকল এই সম্পৰ্কে ইতিমধ্যে সজাগ কৰি দিয়া হৈছে আৰু আৰোগ্য সেতু এপ মাত্ৰ MyGov.in অথবা Android আৰু IOS play store-ৰ পৰা ডাউনলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে, ভাৰতৰ কোভিদ-১৯-ৰ বিৰুদ্ধে যুদ্ধৰ ক্ষেত্ৰত মুকলি কৰা আৰোগ্য সেতু এপক বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছেও প্ৰশংসা কৰিছে।