NORTHEAST NOW (Assamese)
অসম

কেটেতঙত ড্ৰাগছ-কানিৰ বিৰুদ্ধে সজাগতা সভা

Posted by: মানস প্ৰতিম গগৈ February 17, 2019 7:00 pm
awarness meeting on drug-opium abuse in margherita's ketetong

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছ, কানিৰ প্ৰচলনে সামাজিক, শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ পৰিপ্ৰেক্ষিতত আজি অৰ্থাৎ ১৭ ফেব্ৰুৱাৰি দেওবাৰে জাতীয় মহিলা পৰিষদ আৰু কেটেতং মহিলা সমিতিৰ যৌথ উদ্যোগত কেটেতং হাইস্কুল খেলপথাৰ প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷

অৱসৰপ্ৰাপ্ত শিক্ষক শান্তিনাথ দোৱনীয়াই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপে৷ সভাত পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতিম গগৈয়ে ড্ৰাগছ কানিৰ ভয়াৱহতাৰ ওপৰত ভাষণ দিয়ে৷

আৰক্ষী বিষয়া গগৈয়ে ড্ৰাগছ-কানি মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে৷

এখন ড্ৰাগছ মুক্ত সমাজ গঠনৰ বাবে সভাত সকলোৱে সংকল্প লয়।

উল্লেখযোগ্য যে মহকুমাটোত মহামাৰীৰ ৰূপ লোৱা ড্ৰাগছ-কানি প্ৰচলনৰ বিৰুদ্ধে সামাজিক সংগঠনসমূহে দীৰ্ঘদিনৰে পৰা ধাৰাৱাহিকভাৱে প্ৰতিবাদী আৰু সজাগতা সভা আয়োজন কৰি আহিছে।