NORTHEAST NOW (Assamese)
Popular Stories

বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত উজলিল ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

Posted by: এন ই নাও নিউজ February 17, 2019 6:59 pm

শেহতীয়া চলচ্চিত্ৰ ‘বুলবুল কেন ছিং’ৰ জৰিয়তে পৰিচালিকা ৰীমা দাসে পুনৰ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। চলচ্চিত্ৰখনে জাৰ্মানিত অনুষ্ঠিত ৬৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ জেনেৰেশ্যন ১৪প্লাছ শিতানত বিচাৰকৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

যোৱা ৭ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ৰীমা দাসৰ ‘বুলবুল কেন ছিং’ চিনেমাখন জেনেৰেশ্যন ১৪প্লাছ শিতানত প্ৰতিদ্বন্দিতাৰ বাবে নিৰ্বাচিত হৈছিল।

ৰীমা দাসৰ চিনেমাখনক উক্ত শিতানটোৰ মুখ্য বিচাৰক মেৰীয়েন ৰেডপাঠে উচ্চ প্ৰসংশা কৰে। উল্লেখযোগ্য যে ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ দৰে ‘বুলবুল কেন ছিং’ ছবিখনো ৰীমা দাসে এককভাৱে পৰিচালনা, সম্পাদনা আৰু চিত্ৰগ্ৰহণ কৰিছে।

ইতিমধ্যে টৰণ্ট চলচ্চিত্ৰ মহোৎসৱৰ যোগেদি ৱৰ্ল্ড প্ৰ‌িমিয়াৰ লাভ কৰা ‘বুলবুল কেন ছিং’ৰ এইটো হৈছে প্ৰথমটো য়ুৰোপিয়ান প্ৰিমিয়াৰ। যোৱা ১২ ফেব্ৰুৱাৰিত উক্ত মহোৎসৱতে ছবিখনৰ য়ুৰোপিয়ান প্ৰিমিয়াৰ হয়।