NORTHEAST NOW (Assamese)
অসম

বিজেপিক আক্ৰমণৰ লক্ষ্য: ছ’চিয়েল মিডিয়াত কংগ্ৰেছে এৰিব ১১টা ভিডিঅ’ মিছাইল

Posted by: অনির্বান পাঠক Updated by: অনির্বান পাঠক February 17, 2019 5:47 pm
17-02-19 Guwahati- Congress Quicky and Video Campaign release (1)

২০১৪ ৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত ছ’চিয়েল মিডিয়া বিজেপিৰ বাবে আছিল এক গুৰুত্বপূৰ্ণ অস্ত্ৰ। কিন্তু এইবাৰ বিজেপিৰ বিৰুদ্ধে সেই একেপাত অস্ত্ৰকে তুলি লৈছে বিৰোধী কংগ্ৰেছে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কিছুদিন থকাৰ সময়তে বিজেপি চৰকাৰৰ সমালোচনাৰে নিৰ্মিত ভিডিঅ’ৰে ছ’চিয়েল মিডিয়া ভৰি পৰাৰ সম্ভাৱনাই দেখা দিছে।

সমাগত লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত অসম প্ৰদেশ কংগ্ৰেছে দেওবাৰৰ পৰা আৰম্ভ কৰিছে ‘ডিজিটেল কেম্পেইন’। গুৱাহাটীৰ ৰাজীৱ ভৱনত ১১ টা ভিডিঅ’ মুকলি কৰি এই ডিজিটেল কেম্পেইনৰ আৰম্ভণি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু উপসভাপতি ৰকিবুল হুছেইনে।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি, এন আৰ চিৰ নামত থলুৱাক হাৰাশাস্তি, নিবনুৱা সমস্যা, কৃষকৰ ঋণৰ বোজা, নাৰীৰ নিৰাপত্তাহীনতা, সামাজিক অস্থিৰতা আদি বিষয় লৈ নিৰ্মাণ হৈছে এই ভিডিঅ’কেইটা। ইয়াত স্থান পাইছে গ্ৰাম্য বৈদ্যুতিকৰণ, উজ্বলা যোজনা আদিত চৰকাৰৰ ব্যৰ্থতা আৰু আঁচনি ঘোষণাতে সীমাবদ্ধ থকাৰ ছবিখনেও।

প্ৰদেশ কংগ্ৰেছে জানিবলৈ দিয়া মতে এই ভিডিঅ’ কেইটাৰে ফেইচবুকত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হ’ব কংগ্ৰেছ।

ভিডিঅ’ কেইটা মুকলি কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, ‘’কংগ্ৰেছ কৰ্মীসকলে অতি ক্ষীপ্ৰতাৰে যুদ্ধক্ষেত্ৰত নামি পৰিছো। এই নিৰ্বাচনক আমি জীৱনমৰণ যুঁজ হিচাপে লৈছো। এইখন প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৱলৰ পৰা ভাৰতবৰ্ষক উদ্ধাৰ কৰাৰ যুঁজ।‘’

লগতে ২০১৪ আৰু ২০১৬ চনৰ নিৰ্বাচনৰ আগমূহুৰ্তত বিজেপিয়ে ফাঁকি দিছিল বুলি উল্লেখ কৰি ৰাইজে সেই কথাবোৰ উপলব্ধি কৰা বুলি তেওঁ মন্তব্য কৰে। তেওঁ লোকসভা নিৰ্বাচনত কংগ্ৰেছেই সৰ্বাধিক আসন লাভ কৰিব বুলিও প্ৰকাশ কৰে।

একেদৰে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্রেছৰ উপসভাপতি ৰকিবুল হুছেইনে ‘কংগ্ৰেছে বিজেপিৰ সৈতে টকা-পইচাৰে ফেৰ মাৰিব নোৱাৰিব’ বুলি মন্তব্য কৰি ‘বিজেপিয়ে উৰা জাহাজেৰে গৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছে চাইকেলেৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি কয়।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দলটোৱে ইতিমধ্যে দুটা গীতো মুকলি কৰিছিল। লগতে গাঁৱে-ভূঞে চাইকেলৰে কংগ্ৰেছে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে।