NORTHEAST NOW (Assamese)
অসম

অসম-ত্ৰিপুৰা সীমান্তত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিগৰাকী নাইজেৰিয়াৰ যুৱক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2020 12:26 pm

শুকুৰবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে চাৰি নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীৰ সময়ত অসম-ত্ৰিপুৰা সীমান্তত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিগৰাকী নাইজেৰিয়ান যুৱকক আটক কৰে।

আৰক্ষীয়ে এ এছ-২৪চি-৯৯৯৫ নম্বৰৰ নৈশ বাচখনত চলোৱা তালাচীৰ সময়তে আৰক্ষীৰ হাতত ধৰা পৰে নাইজেৰিয়াৰ যুৱক তিনিগৰাকী।

আটক হোৱা যুৱক কেইগৰাকী ফেৰজিমেনেং মাদুবুকো(৩১), চাইভানাছ নাৱাৰু(৩০) আৰু অইচিন নাৱাখুই ৱাংকৱাৰা(২৯) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে নাইজেৰিয়াৰ যুৱক তিনিগৰাকী আৰক্ষীৰ জালত পৰে বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে লগতে আটক হোৱা নাইজেৰিয়াৰ যুৱক তিনিগৰাকীৰ সৈতে কোনোধৰণৰ বৈধ নথি-পত্ৰ নাছিল বুলিও সদৰী কৰে।

আনহাতে, প্ৰাথমিক জেৰাত যুৱক তিনিগৰাকীয়ে বাংলাদেশ হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীৰ আগত উল্লেখ কৰে।

আৰক্ষীয়ে আটক হোৱা যুৱক তিনিগৰাকীৰ পৰা কিছুসংখ্যক নাইজেৰিয়ান টকা, আমেৰিকান ড’লাৰ আৰু ভাৰতীয় টকা জব্দ কৰে।