NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে সালসলনি ঘটালে পৰীক্ষাৰ সময়সূচী

Posted by: এন ই নাও নিউজ March 14, 2019 1:01 pm
school-students-647_032217051238-750x375

আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নিৰ্বাচনৰ বাবে অসমৰ স্নাতক পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সালসলনি ঘটাইছে পৰীক্ষাৰ সময়সূচী ।

পৰীক্ষাত অৱতীৰ্ণ হ’ব লগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষান্মাষিকৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ নতুন সময়সূচী ১৩ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা বিশ্ববিদ্যালয়খনৰ অনলাইন প’ৰ্টেল যোগে চাব পাৰিব।

ইয়াৰ উপৰি ১৩ মাৰ্চৰ পৰা ১ এপ্ৰিললৈকে প’ৰ্টেলটোৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ ফৰ্মো পূৰণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰেক্টিকেল পৰীক্ষা সমূহ অহা জুন মাহলৈ পিছুৱাই দিয়া হৈছে বুলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপ পৰীক্ষা নিয়ন্ত্ৰক দেবহৰি তালুকদাৰে জানিবলৈ দিয়ে। ইফালে থিউৰি পৰীক্ষা সমূহ নিৰ্ধাৰিত সময়সূচী অনুসৰি মে’ মাহৰ পৰাই অনুষ্ঠিত হ’ব বুলি উপ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে উল্লেখ কৰে।