NORTHEAST NOW (Assamese)
Popular Stories

ব্ৰিটিছ টেবলয়েডৰ দাবী : হোৱাইট হাউছ এৰিলেই কাৰাগাৰলৈ যাব লগা হ’ব ট্ৰাম্প!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2020 6:56 pm
trump-ap-jt-200923_1600901225560_hpMain_16x9_1600

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জ’ বিডেনৰ হাতত বৃহৎ পৰিমাণৰ ভোটৰ ব্যৱধানত পৰাস্ত হোৱা আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প কাৰাৰুদ্ধ হ’ব পাৰে!

ইতিমধ্যে এই দাবী কৰিছে ব্ৰিটিছ টেবলয়েড-এ। আনকি ব্ৰিটিছ টেবলয়েড-এ দাবী কৰিছে যে কাৰাৰুদ্ধ হোৱাৰ ভয়তে হোৱাইট হাউছ পুনৰ দখল কৰিবলৈ জীৱন-মৰণৰ একাকাৰ কৰি চেষ্টা কৰিছিল ট্ৰাম্পে।

ব্ৰিটিছ টেবলয়েডৰ মতে ট্ৰাম্পৰ বিৰুদ্ধে একাধিক অভিযোগ আছে। তাৰ ভিতৰত কিছুমান গুৰুতৰ অভিযোগে আছে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে।

আইনী প্ৰক্ৰিয়াক বাধা প্ৰদান কৰা, দেশৰ সংবিধানৰ ধাৰা লংঘন তথা অৱমাননা কৰা, কৰ ফাঁকি দিয়া আদিৰ লগতে ধৰ্ষণৰ দৰে অতি গুৰুতৰ অভিযোগ ট্ৰাম্পৰ বিৰুদ্ধে আছে বুলি দাবী কৰা হৈছে।

হোৱাইট হাউছ এৰাৰ পিছত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগৰ বিচাৰ কৰিব পৰা যাব বুলি দাবী কৰা হৈছে।

আমেৰিকাৰ প্ৰাক্তন ফেডাৰেল প্ৰচিকিউটৰ হেৰী চান্দিকৰ উদ্ধৃতিৰে কোৱা হৈছে যে ট্ৰাম্প ৰাষ্ট্ৰপতি পদৰ এৰাৰ পিছত তেওঁৰ বিৰুদ্ধে আৰু সাক্ষীবাদীৰ সপক্ষে বিচাৰ চলোৱা সহজ হ’ব।

ইফালে ক্ষমতাত থকাৰ সময়ত লাভ কৰা এটৰ্নী জেনেৰেল উইলিয়াম বাৰৰ দৰে প্ৰসিদ্ধ আইনজীৱীৰ সাহায্য লাভ কৰি আহিছিল যদিও ৰাষ্ট্ৰপতিৰ পদ এৰাৰ পিছৰ পৰা ট্ৰাম্পে এই সাহায্যৰ পৰাও বঞ্চিত হ’ব।

এইবোৰ কাৰণতে ট্ৰাম্পে হোৱাইট হাউছ এৰিবলৈ নাৰাজ আছিল বুলি প্ৰকাশ পাইছে।

আনহাতে ৰাষ্ট্ৰপতি পদ তথা হোৱাইট হাউছ এৰাৰ লগে লগে ড’নাল্ড ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পে বিবাহ বিচ্ছেদ দিব বুলিও চৰ্চা চলিছে।