NORTHEAST NOW (Assamese)
অসম

কাইলৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব স্বামী বিবেকানন্দৰ প্ৰতিমুৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2020 6:52 pm
কাইলৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব স্বামী বিবেকানন্দৰ প্ৰতিমুৰ্তি

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ নবেম্বৰত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত স্বামী বিবেকানন্দৰ এটা সম্পুৰ্ণ প্ৰতিমুৰ্তি উন্মোচন কৰিব।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য এম জগদীশ কুমাৰে সোমবাৰে এই কথা উল্লেখ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ নবেম্বৰত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ চৌহদত স্বামী বিবেকানন্দৰ প্ৰতিমুৰ্তিটো উন্মোচন কৰিব।

‘‘স্বামী বিবেকানন্দৰ ওপৰত অনুষ্ঠিত হ’বলগীয়া এটা অনুষ্ঠানত প্ৰতিমুৰ্তিটো উন্মোচন কৰা হ’ব,’’ জগদীশ কুমাৰে লগতে কয়।

আনহাতে, বিশ্ববিদ্যালয় চৌহদত উন্মোচন হ’বলগীয়া স্বামী বিবেকানন্দৰ প্ৰতিমুৰ্তিটো বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সাহায্য আৰু অনুদানেৰে নিৰ্মাণ কৰা হ’ব বুলিও উপাচাৰ্য্য গৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, মাচুল বৃদ্ধিৰ প্ৰতিবাদত চলিত বৰ্ষত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সমাৱৰ্তন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।