NORTHEAST NOW (Assamese)
অসম

টীয়কত কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক November 9, 2020 6:49 pm

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই  সমষ্টিটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে।

অসম চৰকাৰৰ লোক নিৰ্মাণ(পথ) বিভাগৰ SOPD (G) শিতানত জগদুৱা লক্ষ্মী মন্দিৰ পথ, অৰুণামূখ পথ, কপিলাচুক পথ আৰু বৰচুমনি ঔতল পথৰ আধাৰশিলা স্থাপন কৰি অতি সোনকালে নিবিদা প্ৰাপ্ত ঠিকাদাৰ প্ৰতিস্থানক পথসমূহৰ কাম সমাপন কৰিবলৈ ৰাজহুৱাকৈ আহ্বান জনায় বিধায়িকাগৰাকীয়েl

বিধায়িকা লগতে ৰাইজক কামৰ মানদণ্ড নিৰীক্ষণ কৰিবলৈও আহ্বান জনায়।

উল্লেখযোগ্য যে অতি কম দিনৰ ভিতৰত টীয়কৰ নৈপৰীয়া এজাৰগুৰিবাসীৰ অন্যতম দীৰ্ঘদিনীয়া সমস্যা এখন স্থায়ী দলঙৰ আধাৰশিলা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ কাম আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি সমষ্টিটোৰ প্ৰতিটো সমস্যা সমাধান কৰা হ’ব বুলিও বিধায়িকা গৰাকীয়ে ৰাইজক অৱগত কৰে।

লোক নিৰ্মাণ(পথ) বিভাগৰ যোৰহাট সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা অঞ্জন দে, অসম গণ পৰিষদ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ লগতে স্থানীয় ভালেসংখ্যক গণ্য মান্য ব্যক্তি তথা ৰাইজ উপস্থিত থাকে।