NORTHEAST NOW (Assamese)
অসম

চূণচালিত চলি থকা পাহাৰ খননৰ বিৰুদ্ধে সৰব কৃষক নেতা অখিল গগৈ : প্ৰয়োজন হ’লে বিধায়ক অতুল বৰালৈ সমৰ্থনৰ আশ্বাস

Posted by: এন ই নাও নিউজ March 11, 2018 9:11 pm
Akhil press meet

চূণচালিত অবৈধভাৱে পাহাৰ খনন কৰি সৃষ্টিনগৰ নামৰ নতুন টাউনশ্বিপ নিৰ্মাণ কৰি থকাৰ বিৰুদ্ধে ১০ মাৰ্চত সংবাদমেল দি সৰৱ হৈ পৰা দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাক এই বিষয়টোত প্ৰয়োজনসাপেক্ষে সমৰ্থন দিয়াৰ আশ্বাস দিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে।

আজি আয়োজিত সংবাদমেলত কৃষক নেতাজনক এই অবৈধ পাহাৰ খনন সন্দৰ্ভত সৰব হৈ উঠা দেখা গ’ল। ‘২০১৫ চনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰি সৃষ্টিনগৰ নামৰ টাউনশ্বিপৰ কাম বন্ধ কৰিছিল। কিন্তু প্ৰদূষণ মুক্ত অসম গঢ়াৰ সপোন দেখুওৱা সৰ্বানন্দ সোণোৱাল চৰকাৰখনে গোপনে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বন্ধ কৰি দিয়া সৃষ্টিনগৰৰ কামটো পুনৰ আৰম্ভ কৰিলে।’ -এইদৰে কয় কৃষক নেতাজনে।

তদুপৰি তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰি কয়, ‘চূণচালি পাহাৰৰ প্ৰায় ৬,০০০ বিঘা মাটি আগুৰি থকা পাহাৰসমূহ কাটি ধ্বংস কৰাৰ বাবে বিজেপি চৰকাৰে গোপনে এই সংস্থাক অনুমতি প্ৰদান কৰিছে।’

আনহাতে বৰ্তমানলৈকে প্ৰায় দুটাকৈ পাহাৰ সৃষ্টিনগৰ নিৰ্মাণৰ নামত ধ্বংস কৰা হ’ল বুলি কৃষক নেতাজনে মন্তব্য কৰে। তেওঁ ইয়াৰ ফটো আৰু ভিডিঅ’ ক্লিপ সংগ্ৰহ কৰা বুলিও সদৰী কৰে।

এই সন্দৰ্ভত বন বিভাগৰ ওচৰত তথ্য বিচাৰি আৰ টি আই কৰা বুলি মন্তব্য কৰি অখিলে কয়, ‘আমি আৰ টি আই কৰিছিলো যদিও সৌভাগ্যজনক কথা যে শাসকীয় দলৰে বিধায়ক অতুল বৰাই নিজে এই কেলেংকাৰিৰ কথা উদঙাই দিলে।‘

লক্ষণীয় যে কৃষক নেতাজনে বিধায়ক অতুল বৰাক ধন্যবাদ জ্ঞাপন কৰি কয়, ‘আমি তেওঁক এই কেলেংকাৰি ফাদিল কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো যদিও অলপ দিন যোৱাৰ পিছত পূৰ্বৰ দৰে যাতে মনে মনে বহি নাথাকে তাৰ বাবেও আহ্বান জনাইছো। অন্যথা আমি ভাবিবলৈ বাধ্য হ’ম আপুনি মন্ত্ৰীসভাত আসন পোৱাৰ বাবে এনেদৰে নাটকবাজি কৰি আছে। আমি লক্ষ্য কৰিছো আপুনি এটা এটা সমস্যাৰ বিষয়ে মাত মাতে যদিও কেইদিনমান যোৱাৰ পিছত মনে মনে বহি থাকে।’

আনহাতে কালি বিধায়ক অতুল বৰাই নিজেই গৈ সৃষ্টিনগৰ উচ্ছেদ কৰাৰ হুংকাৰ দিয়া সন্দৰ্ভত কৃষক মুক্তিৰ নেতাজনে কয়, ‘যদি বিধায়গৰাকীয়ে বিচাৰে তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতি দলে-বলে আপোনাৰ সৈতে উচ্ছেদ কাৰ্য্যত সহযোগিতা আগবঢ়াম।’

ইয়াৰোপৰি তেওঁ আৰ টি আই তথ্য তেওঁলোকৰ হাতলৈ আহিলে ফাইল আকাৰত সমগ্ৰ তথ্য সাংবাদিকক প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।

লক্ষণীয় যে কৃষক নেতাজনে বিধায়ক অতুল বৰাই গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰিলে প্ৰয়োজন সাপেক্ষে তেওঁক গামোচা পিন্ধাব বুলিও মন্তব্য কৰে। লগতে যদি গোপনভাৱে যদি বিধায়কগৰাকীয়ে এই নিৰ্মাণ কাৰ্য্য পুনৰ আৰম্ভ কৰাৰ অনুমতি দিলে তেওঁৰ বিৰুদ্ধেও কৃষক মুক্তিয়ে হুংকাৰ দিব বুলি মন্তব্য কৰে।