NORTHEAST NOW (Assamese)
অসম

মৰিয়নীৰ ধোদৰ আলিত সংঘটিত পথ দুৰ্ঘটনাত এজন লোক নিহত

Posted by: এন ই নাও নিউজ March 11, 2018 9:27 pm
দুৰ্ঘটনাত

দেওবাৰে মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত ধোদৰ আলিত সংঘটিত এক পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হয়।

জানিব পৰা মতে দেওবাৰে সন্ধিয়া প্ৰায় ৭মান বজাত এ এছ ৩০ এল ৩৫২৩ নম্বৰৰ এখন য়ামহা মটৰচাইকেলৰ সৈতে বিপৰীত দিশৰ পৰা অহা এ এছ ০৩ এল ৫৫১০ নম্বৰৰ এখন মাৰুতি ভানৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

ফলত মটৰচাইকেলৰ দুই আৰোহীৰ লগতে মাৰুতি ভানখনৰ সন্মুখৰ আসনত বহা দুয়োজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাত স্থানীয় ৰাইজৰ তৎপৰতাত ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আটাইকেইজনকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও এজনৰ মৃত্যু হয়।

নিহত ব্যক্তিজনৰ বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাকী তিনিজনৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দুয়োখন বাহনেই দ্ৰুত গতিত অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে।