NORTHEAST NOW (Assamese)
অসম

একেটা ভুলকে দ্বিতীয়বাৰ? চৰকাৰে ৰাজ্যত এদিন আগতীয়াকৈ আৰম্ভ কৰিলে ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 1, 2019 5:04 pm
Wildlife week

সমগ্ৰ দেশতে কাইলৈৰ পৰা (২-ৰ পৰা ৮ অক্টোবৰ) ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন কৰা হ’ব যদিও ৰাজ্য চৰকাৰে এদিন আগতীয়াকৈ এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিলে।

আজি বিভিন্ন স্থানীয় কাকতত চৰকাৰে বন্যপ্ৰাণী সপ্তাহ ১-ৰ পৰা ৭ অক্টোবৰলৈ বুলি মুখ্য মন্ত্ৰীৰ ফটোৰ সৈতে ৰঙীন বিজ্ঞাপনো দিছে চৰকাৰে।

এই আগতীয়া বন্যপ্ৰাণী সপ্তাহ ভুল নে ইচ্ছাপূৰ্বক জানিবলৈ নৰ্থ-ইষ্ট নাও-এ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ৰঞ্জনা গুপ্তা আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিল যদিও কোনো এজনেই ফোনত সঁহাৰি নিদিলে।

যোৱা বছৰৰ বাতৰিটো পঢ়ক ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ : তাৰিখত হোৱা নিজৰ ভুল শুধৰালে ৰাজ্য চৰকাৰে

যোৱা বছৰো অনুৰূপ ভুল কৰাৰ পিছত বন্যপ্ৰাণী সপ্তাহ সম্পৰ্কীয় একেই বিভ্ৰান্তিৰে ৰাজ্য চৰকাৰখনে কাকতত দিয়া সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনৰ পিছত শুধৰণি দিছিল।

চৰকাৰে এই সপ্তাহ ২-ৰ পৰা ৮ অক্টোবৰলৈ বুলি নিজৰ অনলাইন মাধ্যমবোৰত শুধৰাই প্ৰকাশ কৰিছিল।

আজি বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম ৰাজ্যিক চিৰিয়াখানাত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰে। এই উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

কাৰ্য্যসূচীত উপস্থিত থকা মন্ত্ৰী শুক্লবৈদ্যই এই বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচী অসমৰ প্ৰতিটো মণ্ডলত পালন কৰা হ’ব বুলি জানিবলৈ দি কয়, “বন্যপ্ৰাণীৰ বাবে ৰাইজক সজাগ কৰাৰ বাবে এই কাৰ্যসূচীৰ গুৰুত্ব আছে। বন্যপ্ৰাণী থাকিলেহে মানুহ থাকিব পাৰিব”।

আজিৰ কাৰ্য্যসূচীটোত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যও উপস্থিত থাকে।

কাইলৈ পবিতৰাত অনুষ্ঠিতব্য কাৰ্যসূচীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷