NORTHEAST NOW (Assamese)
অসম

এতিয়া বিস্তাৰবাদী নীতি নচলে; চীনলৈ প্ৰত্যাহ্বানেৰে লাডাখত সেনা বাহিনীৰ মাজত প্ৰধান মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 3:16 pm

ভাৰত আৰু চীনৰ মাজত পূব লাডাখ সীমান্তত চলি থকা উত্তেজনাময় পৰিস্থিতিৰ সময়তে আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সেনা বাহিনীৰ মনোবল বৃদ্ধিৰ বাবে আকস্মিকভাৱে লাডাখত উপস্থিত হয়।

নৰেন্দ্ৰ মোদীয়ে লাডাখত উপস্থিত হৈ গলৱান উপত্যকাত চহিত হোৱা বীৰ সেনা জোৱান সকলকো শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে বিভিন্ন দিশ পৰ্যালোচনা কৰে।

প্ৰধান মন্ত্ৰীয়ে সেনা বাহিনীৰ জোৱান সকলৰ উদ্দেশ্যি দিয়া ভাষণত এতিয়া বিস্তাৰবাদী নীতি নচলে বুলি চীনলৈ প্ৰত্যাহ্বান জনায়।

”এতিয়া বিস্তাৰবাদী নীতি নচলে, এতিয়া বিকাশবাদৰ সময়। ভাৰতে বিকাশবাদৰ জৰিয়তে সমগ্ৰ বিশ্বত নিজৰ স্থিতি স্পষ্ট কৰিছে,” ভাষণত প্ৰধান মন্ত্ৰীয়ে কয়।

আনহাতে,  ইতিহাসৰ পাতত বহু শক্তিশালী বিস্তাৰবাদী নীতিৰ পতনৰ উদাহৰণ আছে আৰু সেয়াই সত্য বুলিও প্ৰধান মন্ত্ৰীয়ে নিজ ভাষণ প্ৰসংগত কয়।

ভাৰতৰ বীৰ জোৱান সকলে সীমান্তত শক্তিশালী শিলৰ দৰে থিয় হৈ থাকি সদায় দেশ মাতৃক ৰক্ষা কৰি আহিছে আৰু ভবিষ্যতেও কৰি যাব বুলি মোদীয়ে উল্লেখ কৰি তেওঁ ভাৰতীয় সেনা বাহিনীক লৈ গৌৰৱিত বুলি কয়।