NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছতে ৰাজনাথ সিঙৰ টুইট- ‍‘ভাৰতৰ সীমা সুৰক্ষিত‍’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 2:26 pm
প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছতে ৰাজনাথ সিঙৰ টুইট- ‍‘ভাৰতৰ সীমা সুৰক্ষিত‍’

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাতিপুৱা আকস্মিকভাৱে লাডাখত উপস্থিত হৈ ভাৰত-চীনৰ মাজত হৈ থকা সীমাকেন্দ্ৰিক বিবাদৰ বুজ লয়।

প্ৰধান মন্ত্ৰীৰ এই ভ্ৰমণক লৈ এতিয়া ৰাজনৈতিক নেতা সমূহৰ পৰা আহিব ধৰিছে প্ৰতিক্ৰিয়া। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধান মন্ত্ৰী মোদীৰ এই ভ্ৰমণক স্বাগতম জনাইছে।

সিঙে টুইটাৰত লিখে, ‍‘ভাৰতীয় সেনা থকালৈকে সদাই দেশৰ সীমা সুৰক্ষিত হৈ থাকিব। আজি প্ৰধান মন্ত্ৰী মৰেন্দ্ৰ মোদীয়ে লাডাখলৈ গৈ জোৱান সকলক সাক্ষাৎ কৰা কাৰ্যই নিশ্চয়কৈ সেনাৰ মনোবল বৃদ্ধি কৰিব। মই প্ৰধান মন্ত্ৰীৰ এই সিদ্ধান্তক শলাগ লোৱাৰ লগতে ধন্যবাদ জনাইছো’।

উল্লেখ্য যে আজি লাডাখ ভ্ৰমণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং যোৱাৰ কথা আছিল যদিও কিছু কাৰণত তেওঁৰ এই ভ্ৰমণ বাতিল হোৱাৰ পিছত চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট অকলে অহাটো নিশ্চিত হৈছিল।

কিন্তু সকলোকে আচৰিত কৰি তুলি আজি ৰাতিপুৱাই প্ৰধান মন্ত্ৰী মোদী সাগৰপৃষ্ঠৰ পৰা ১১ হাজাৰ ফুট উচ্চতাত থকা লাডাখৰ নিমুত উপস্থিত হয়।

এই ভ্ৰমণৰ সময়ত প্ৰধান মন্ত্ৰী মোদীয়ে সেনাৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত স্থল সেনা. বায়ু সেনাৰ বিষয়া উপস্থিত আছিল।

উল্লেখ্য যে, লাডাখৰ গলৱান উপত্যকাত শেহতীয়াভাৱে ১৫ জুনত চীনা সেনাৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা বাহিনীৰ জোৱান ছহিদ হৈছিল।