NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা পৰ্যটক সকলৰ বাবে পুনৰ মুকলি হ’ল পবিতৰা অভয়াৰণ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 10, 2020 5:21 pm

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে দীৰ্ঘসময়ৰ বন্ধ হৈ থকাৰ পাছত আজিৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল পবিতৰা অভয়াৰণ্য।

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা আৰু পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ লগতে বন বিভাগৰ বিভিন্ন বিষয়া, জিলা উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে অভয়াৰণ্যখন পৰ্যটক সকলৰ বাবে পুনৰ মুকলি কৰি দিয়া হয়।

উল্লেখযোগ্য যে, বিগত বৰ্ষত নাগৰিকত্ব সংশোধনী আইন আন্দোলন, বানপানী আৰু শেষত ক’ৰ’না মহামাৰীৰ বাবে পৰিতৰা অভয়াৰণ্যই ব্যপক লোকচানৰ সন্মুখিন হ’বলগীয়া হৈছিল।

বিশেষকৈ বানপানীৰ বাবে পবিতৰা অভয়াৰণ্যৰ ঘাঁহ-বন, গছ-গছনি আৰু জীৱ-জন্তুৰ ব্যাপক ক্ষতি সাধন হৈছিল।

এইবাৰ নতুনকৈ মুকলি কৰা পবিতৰা অভয়াৰণ্যখন দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থী সকলৰ বাবে অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰতিদিনে ১০ টাকৈ হাতী আৰু ২০ খন জিপৰ ব্যৱস্থা কৰিছে।