NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ মাজ লহৰে চাপৰিৰ পৰা দুৰ্ধৰ্ষ গঁড় চিকাৰী লংগুটি দলেক আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 11, 2020 8:37 am

বোকাখাত মহকুমাৰ কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত যোৱা এক অভিযানকাৰী দলে মঙলবাৰে লহৰে চাপৰিৰ পৰা দুধৰ্ষ গঁড় চিকাৰী লংগুটি দলেক আটক কৰিবলৈ সক্ষম হয়।

লংগুটি দলেৰ ঘৰ দক্ষিণ মাজুলীৰ বৰুৱাচুক চাপৰিত বুলি জানিব পৰা গৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত বিচৰণ কৰা ভালেমান গঁড় হত্যা ঘটনাত জড়িত দুধৰ্ষ গঁড় চিকাৰী লংগুটি দলেক দীৰ্ঘ দিনৰ পৰা বিচাৰি আছিল বন বিভাগ আৰু আৰক্ষীয়ে।

বিগত বছৰত ব্ৰহ্মপুত্ৰৰ মাজৰ লহৰে চাপৰিত স্থানীয় লোকৰ সহযোগত কৰায়ত্ব কৰা অৰুণাচলৰ গঁড় চিকাৰী গেগম আপ’ৰ সহযোগী আছিল লংগুটি দলে।

গেগ’ম আপ’ৰ সহযোগত লহৰে চাপৰিত বিচৰণ কৰি ফুৰা এটা গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল গেগ’ম আপ’ আৰু লংগুটিৰ দলেই।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে গঁড় হত্যাৰ বাবে অৰুণাচলৰ পৰা অহা গেগ’ম আপ’ক চাপৰিত আশ্ৰয়ো দিছিল লংগুটি দলেয়ে।

গোপন সূত্ৰৰ আধাৰত মঙলবাৰে কমাৰগাঁও আৰক্ষী থানাৰ অভিযানকাৰী দলে লহৰে চাপৰিৰ পৰা লংগুটি দলেক আটক কৰে।

কৰায়ত্ত কৰাৰ সময়ত আৰক্ষীৰ হাতৰ পৰা অস্ত্ৰ কাঢ়ি আক্ৰমণৰ চেষ্টা কৰিছিল লংগুটি দলেই। সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলী চলাব লগাতো পৰে আৰক্ষীৰ দলে।

সম্প্ৰতি বোকাখাত মহকুমাৰ কমাৰগাঁও আৰক্ষী থানাত জেৰা চলাই থকা হৈছে দুধৰ্ষ গঁড় চিকাৰী লংগুটি দলেক।