NORTHEAST NOW (Assamese)
অসম

‘ভয়চ ইণ্ডিয়া কিডছ ছিজন-২’ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল অসম কন্যা মানসী চহৰীয়াৰ

Posted by: এন ই নাও নিউজ March 12, 2018 10:32 am

অসম জীয়ৰী মানসী চহৰীয়াই এণ্ড টিভিৰ ৰিয়েলিটি শ্ব’ ভয়চ ইণ্ডিয়া কিডছ ছিজন-২ ৰ চূড়ান্ত বিজয়ী খিতাপ আঁজুৰি আনি ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই আনিছে।

ৰিয়েলিটি শ্ব’টোৰ শীৰ্ষ ৬ জন প্ৰতিযোগীক চেৰ পেলাই মানসীয়ে আঁজুৰি আনিলে এই বিৰল খিতাপ। ৰিয়েলিটোৰ শ্ব’টোৰ শীৰ্ষ ৬ জন প্ৰতিযোগী আছিল জয়পুৰৰ মহম্মদ ফাজিল, ছেইকিনা মুখীয়া, গুণ্টাছ, নীলাঞ্জনা ৰয়, শ্ৰুতি গোস্বামী।

দেওবাৰে নিশা এণ্ড টিভি কৰ্তৃপক্ষই চেম্পিয়নগৰাকীৰ নাম ঘোষণা কৰাৰ লগে লগে ভাৰতৰ টেলিভিছনৰ ৰিয়েলিটি শ্ব’ৰ চেম্পিয়নৰ তালিকাত আন এগৰাকী অসম সন্তানৰ নাম অন্তৰ্ভুক্ত হোৱা সু-খবৰে ৰাজ্যখনক গৌৰৱাম্বিত কৰে।

আনহাতে প্ৰতিযোগিতাটোত দ্বিতীয় ৰানাৰ্ছআপৰ খিতাপ দখল কৰে আন এগৰাকী অসম সন্তান শ্ৰুতি গোস্বামীয়ে।

দুয়োগৰাকী অসম কন্যাৰ সাফল্যত সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰে।

বিজয়ী খিতাপ দখল কৰা মানসীয়ে ২৫ লাখ টকাৰ এখন চেক আৰু ট্ৰফী লাভ কৰে।

আনহাতে মঙলদৈৰ কলাইগাঁৱৰ নিৱাসী মানসীৰ এই সাফল্যত স্থানীয় লোকে আবতৰীয়া দীপাৱলী পালন কৰে।