NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ পলাশবাৰীত স্বামীয়ে ১৪ বছৰ গৃহবন্দী কৰি ৰখা মহিলাক স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ

Posted by: এন ই নাও নিউজ March 12, 2018 12:38 pm
গৃহবন্দী

মহানগৰীৰ পলাশবাৰীত এগৰাকী মহিলাক স্বামীয়ে ১৪ বছৰ ধৰি গৃহবন্দী কৰি ৰখাৰ ঘটনা পোহৰলৈ আহিছে।

যি সময়ত নাৰী সৱলীকৰণৰ বাবে নাৰী দিৱস পালন কৰা হৈছে সেই সময়তে এগৰাকী মহিলা নিজ স্বামীয়ে গৃহবন্দী কৰি ৰখাটো ৰাজ্যখনৰ বাবে দুৰ্ভাগ্যজনক বুলি একাংশ সচেতন মহলে উল্লেখ কৰিছে।

আনহাতে ১৪ বছৰ ধৰি মহিলাগৰাকীক স্বামীয়ে গৃহবন্দী কৰি ৰখা ঘটনা সন্দৰ্ভত দেওবাৰে পলাশবাৰীৰ স্থানীয় ৰাইজে জানিব পাৰি মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে পলাশবাৰীৰ বাবু মাঝি নামৰ যুৱকজনৰ সৈতে ভুক্তভোগী মহিলাগৰাকী কিছু বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তানো আছে। ইয়াৰ কিছু দিনৰ পিছতে বাবু মাঝিয়ে সন্দেহজনিত কাৰণত পত্নীৰ লগতে ৯ বছৰীয়া পুত্ৰ সন্তানকো গৃহবন্দী কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বিপৰীতে বাবুলে নিজ কন্যাক সমীপৰ এখন গাঁৱত কাম কৰা ছোৱালী হিচাপে নিয়োগ কৰে।

জানিপ পৰা অনুসৰি বাবুল মাঝিয়ে নিজ পত্নীক পুৱা কিছু সময়ৰ বাবে বাহিৰলৈ ওলাবলৈ দিয়ে যদিও মাঝি ঘৰৰ বাহিৰত কৰ্মৰ বাবে ওলাই যোৱা সময়ত নিজ পত্নীক ঘৰৰ এটা ৰুমত বন্দী কৰি থৈ যায়। আনহাতে ১৪ বছৰে গৃহ বন্দী কৰি ৰখা মহিলাগৰাকীক বাবুলে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনো চলাই আহিছে বুলি জানিব পৰা গৈছে।

অৱশেষত পলাশবাৰীৰ ভোলাগঁৱৰ স্থানীয় ৰাইজে ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদকে ধৰি বিভিন্ন সামাজিক সংগঠনক উক্ত ঘটনা সন্দৰ্ভত  অৱগত কৰে। ফলত স্থানীয়ৰ ৰাইজ সামাজিক সংগঠনকেইটাৰ তৎপৰতাত অভিযান চলাই গৃহবন্দী কৰি ৰখা মহিলা গৰাকীক উদ্ধাৰ কৰে।