NORTHEAST NOW (Assamese)
অসম

হাওৰাঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰিৰ চি বি আই তদন্তৰ দাবী ‘উচুকা’ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2020 7:37 am
WhatsApp Image 2020-11-14 at 5.47.04 PM

কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ঘৰৰ নামত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি-কেলেংকাৰিত হাওৰাঘাটৰ স্থানীয় বিজেপি নেতা তথা ভি ডি চি ‘ ৰ চেয়াৰমেন যীচু কেম্পাইয়ে হিতাধিকাৰীৰ পৰা দহ হেজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত শনিবাৰে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ(উচুকা)ই সংবাদ মেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ছাত্ৰ সংগঠনটোৰ সভাপতি আৰু সম্পাদগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ঘৰৰ নামত হোৱা ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰিত জড়িত হৈ হিতাধিকাৰীৰ পৰা দহ হেজাৰ টকা উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা বিজেপি নেতাৰ উচিত শাস্তি প্ৰদানৰ দাবীৰ লগতে এই সমগ্ৰ বিষয়টোৰ ওপৰত চি বি আইৰ তদন্তৰ দাবী তুলিছে।

ছাত্ৰ সংগঠনটোৰ নেতাদ্বয়েকয় যে বিজেপি দলে যি শূন্য সহনশীল নীতি আৰু দুৰ্নীতিমুক্ত অসমৰ কথা কয় তাৰ বিপৰীতে বিজেপিৰ ভিতৰচৰাত বিয়াগোম কেলেংকাৰি আৰু কমিচনৰাজ চলি আছে। ইয়াৰ সঠিক তদন্ত কৰিলে বিষয়া কৰ্মচাৰীৰ লগতে বহুতো নেতা-পালিনেতা অৰ্থাৎ ৰৌ বৰালি জড়িত থকাৰ তথ্য পোহৰলৈ আহিব বুলি দাবী কৰে।

বিজেপি দলক মিছলীয়া প্ৰতাৰক দল বুলি অভিহিত কৰে ছাত্ৰ সংগঠনটোৱে।

আনহাতে, হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰাও সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে ছাত্ৰ সন্থাৰ সম্পাদক সুভাষ বৰাই হাওৰাঘাট অঞ্চলত ঘটি থকা এই দুৰ্নীতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

তেওঁলোকে কয় যে চৰজমিন তদন্ত কৰি পি এম এ ৱাই , বিনামূলীয়া ৰন্ধন গেছ, কিষান নিধি পাৰপত্ৰ, চৰকাৰী আঁচনিৰ কৃষকৰ বাবে ট্টেক্টৰ আদি বিতৰণ কৰাৰ সময়ত শাসনাধীষ্ঠ চৰকাৰখনৰ নেতা-পালিনেতা আৰু বিষয়া কৰ্মচাৰীক উৎকোচ নিদিলে হিতাধিকাৰী প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত ছাত্ৰ সংগঠনটোৱে কিছু দিন আগেয়ে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰৰ যোগেদি দুৰ্নীতিৰ তদন্তৰ দাবী কৰিছিল। এনে সময়তে বিজেপি নেতা দহ হেজাৰ টকা হিতাধিকাৰীৰ পৰা উৎকোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত ছাত্ৰ সংগঠনটোৱে এই ঘটনাৰ লগত আৰু বহু লোক জড়িত হৈ আছে বুলি উল্লেখ কৰাৰ লগতে অতি শীঘ্ৰে তদন্ত কৰি দোষী সকলক কঠোৰতম শাস্তি প্ৰদানৰ দাবী কৰে ।

আনহাতে, শনিবাৰে বিয়লি কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য‌ খনছিং ৰংপিয়ে হাওৰাঘাটৰ বিজেপি মণ্ডল কাৰ্যালয়ত আন এখন সংবাদ মেল সম্বোধন কৰি কয় যে হিতাধিকাৰীৰ পৰা দহ হেজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ হোৱা যীচু কেম্পাইক কিছু দিন আগেয়ে ভি ডি চি’ ৰ চেয়াৰমেন পদৰ পৰা অব্যাহতি দিয়া হৈছে।

যীচু কেম্পাই গ্ৰেপ্তাৰ হোৱাৰ পিছত বিজেপি দলে বিজেপিৰ সদস্য হিচাপে ৰাখিব নে নাৰাখে বুলি কৰা সংবাদিকৰ প্ৰশ্নত ৰংপীয়ে জিলা সমিতিয়ে ইয়াৰ সিদ্ধান্ত ল’ব বুলি কয়।