NORTHEAST NOW (Assamese)
অসম

মেঘালয়ৰ পূব গাৰোপাহাৰত বৃহৎ পৰিমাণৰ গুলী-বাৰুদ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2020 8:14 am
Army_ammunition_PTI_Photo

শনিবাৰে মেঘালয় আৰক্ষীয়ে মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ পৰা এক বৃহৎ পৰিমাণৰ গুলী-বাৰুদ উদ্ধাৰ কৰে।

গাৰোপাহাৰ জিলাত এসপ্তাহতকৈয়ো কম দিনৰ ভিতৰত তৃতীয়বাৰৰ বাবে এইদৰে ইমান বৃহৎ পৰিমাণৰ গুলী-বাৰুদ জব্দ কৰা হৈছে।

“পশ্চিম খাচী পাহাৰৰ সীমান্তৰ সৈতে লাগি থকা নংচ্ৰাম ৰংদু গাঁৱৰ সমীপত এনে অস্ত্ৰৰ উপস্থিতিৰ বিষয়ে বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে তালাচী চলায়। তালাচীৰ সময়ত গুলী-বাৰুদখিনি উদ্ধাৰ কৰা হৈছে’’-এগৰাকী আৰক্ষী বিষয়াই কয়।

ৰংজেং আৰক্ষী থানাৰ পৰা প্ৰায় ৯ কিলোমিটাৰ আঁতৰত এই অঞ্চলটো অৱস্থিত।

গুলী-বাৰুদখিনি অঞ্চলটোত উপস্থিতি থকা গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মি (জিএনএলএ)য়ে লুকাই ৰখা বুলি সন্দেহ কৰা হৈছে।

“এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এনে অধিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ বাবে তালাচী অভিযান অব্যাহত ৰখা হৈছে ’’-বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।