NORTHEAST NOW (Assamese)
অসম

বোকাখাতত জিলা মইনা পাৰিজাতৰ উদ্যোগত শিশু দিৱস পালন; শিশুবন্ধু উপাধি প্ৰদান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 15, 2020 8:32 am
IMG-20201114-WA0027~2

সমগ্ৰ দেশৰ লগতে শনিবাৰৰ দিনা বোকাখাততো বোকাখাত জিলা মইনা পাৰিজাতৰ উদ্যোগত শিশু দিৱস উদযাপন কৰা হয় ৷

বোকাখাতৰ পাৰিজাত ভৱনত ক’ভিড-১৯ প্ৰতিৰোধৰ সকলো প্ৰট’কল ৰক্ষা কৰি দিনজোৰা কাৰ্যসুচীৰে শিশুদিৱস উদযাপন কৰা হয় ৷

অনুষ্ঠানৰ পতাকা উত্তোলন কৰে জিলা মইনা পাৰিজাতৰ সভাপতি মনোৰঞ্জন সেনে ৷ স্মৃতি তৰ্পণ কৰে বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰে ৷

মনোৰঞ্জন সেনৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈয়ে ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাবে সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়া, বিশিষ্ট অতিথি হিচাবে সদৌ অসম মইনা পাৰিজাতৰ উপ সভাপতি সুৰেন্দ্ৰ নাথ গগৈ আৰু জোষ্ঠ সাংবাদিক ভৱেশ শইকীয়াৰ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাৰ উপৰিও নিৰ্দিষ্ট বক্তা হিচাবে কল্পনা চেতিয়াই অংশ গ্ৰহণ কৰে ৷

নিজৰ ভাষণত কল্পনা চেতিয়াই প্ৰাক্তন প্ৰধান মন্ত্ৰী জৱহৰলাল নেহেৰুৰ আদৰ্শ তথা মইনা পাৰিজাতৰ কৰ্মপ্ৰেৰণাৰে আগবাঢ়ি যাবলৈ মইনা সকলক আহ্বান জনায়৷

অনুষ্ঠানত সদৌ অসম মইনা পাৰিজাতে বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়ালৈ আগবঢ়োৱা শিশুবন্ধু উপাধি আনুষ্ঠানিক ভাৱে প্ৰদান কৰে ৷ শিশুবন্ধু উপাধিৰ লগতে চেলেং চাদৰ, স্মাৰক আৰু মান পত্ৰৰে ভৱেশ শইকীয়াক সদৌ অসম মইনা পাৰিজাতে সম্বৰ্ধনা জনায় ৷

এই অনুষ্ঠানতে বোকাখাত জিলা মইনা পাৰিজাতে অনলাইন যোগে আয়োজন কৰা একক অভিনয় প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয় ৷