NORTHEAST NOW (Assamese)
Popular Stories

ছত্তিশগড়ৰ কৰিয়া জিলাত প্ৰৱেশ মৰুভূমিৰ কাকতি ফৰিঙৰ জাক : সতৰ্কতা জাৰি জিলা প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2020 4:06 pm
34434

মৰুভূমিৰ কাকতি ফৰিঙৰ জাকে পশ্চিম ভাৰতৰ পৰা ক্ৰমে ভাৰতৰ পূৱোত্তৰ ফালে আগমণ ঘটি ছত্তিশগড়ত প্ৰৱেশ কৰিছে।

ৰাজ্যখনৰ কৰিয়া জিলাৰ দুখন গাঁৱত ইতিমধ্যে প্ৰৱেশ ঘটিছে কাকতি ফৰিঙৰ জাক।

কৰিয়া জিলাৰ কালেক্টৰ ডি এম ৰাথোড়ে কয় যে জিলাখনৰ ভাৰতপুৰ ব্ল’কৰ অন্তৰ্গত কিৰি আৰু জ্বাৰাতলা গাঁৱত সতৰ্কতা জাৰি কৰা হৈছে।

ইতিমধ্যে গাঁও দুখনৰ কৃষিক্ষেত্ৰৰ শস্যসমূহক কাকতি ফৰিঙৰ পৰা ৰক্ষা কৰিবলৈ ৰাসায়নিক দ্ৰৱ্য স্প্ৰে কৰাও হৈছে।

‘দেওবাৰ, ৰাসায়নিক দ্ৰৱ্য স্প্ৰে কৰি আৰু অগ্নিনিৰ্বাক বাহিনীৰ ছাইৰেণ ব্যৱহাৰ কৰি  কাকতি ফৰিঙৰ এটা সৰু জাকৰ গতিবিধি আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলো। ইয়াৰে বেছিভাগ ফৰিঙৰ মৃত্যু হৈছিল। এতিয়ালৈকে আমি ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা নাই।’ ৰাথোড়ে কয়।

যোৱা ২৭ মে’ত ইতিমধ্যে প্ৰভাৱিত মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰই চুবুৰী ৰাজ্য ছত্তিশগড়ত প্ৰৱেশ কৰি কাকতি ফৰিঙে ৰাজ্যখনৰ কৃষি শস্য নষ্ট কৰিব পাৰে বুলি সতৰ্ক কৰি দিছিল।

উল্লেখ্য যে, ভাৰতবৰ্ষই প্ৰায় ৭ টা দশকৰ বিৰতিৰ পিছত কাকতি ফৰিঙৰ এই আতংকৰ সন্মুখীন হৈছে।

ভাৰতত  প্ৰৱেশ কৰাৰ পূৰ্বে এই কাকতি ফৰিঙৰ জাকে পাকিস্তানৰ হাজাৰ হাজাৰ হেক্টৰ কৃষি শস্য আৰু পাচলি নষ্ট কৰি আহিছে।

পাকিস্তানৰ পৰা প্ৰব্ৰজিত কাকতি ফৰিঙৰ জাকে ভাৰতৰ ৰাজস্থান, পঞ্জাৱ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু মধ্য প্ৰদেশতো আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত ৰাজস্থানক সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিছে কাকতি ফৰিঙৰ জাকে।

মৰুভূমি কাকতি ফৰিং সৰু সৰু পাখি থকা এনে এবিধ পতংগ জাতীয় প্ৰাণী যিয়ে যাত্ৰাপথৰ সকলো ধৰণৰ ঘাঁহজাতীয় তৃণ আৰু কৃষি শস্য তথা পাচলি জাতীয় উদ্ভিদ এফালৰ পৰা ভক্ষণ কৰি নষ্ট কৰি আহে।

মৰুভূমিৰ কাকতি ফৰিঙৰ জাকে ছত্তিশগড়ত প্ৰৱেশ কৰাৰ পিছতে এতিয়া ঝাৰখণ্ড আৰু ওড়িশাক সতৰ্ক কৰি দিয়া হৈছে।

ইতিমধ্যে ঝাৰখণ্ডে ৰাজ্যখনৰ ২৪ খন জিলাক কাকতি ফৰিঙৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু কৰি তুলিছে।