NORTHEAST NOW (Assamese)
অসম

অচিৰেই দেশৰ বজাৰলৈ আহিব পুৰুষৰ বাবে প্ৰস্তুত কৰা বিশ্বৰ প্ৰথমটো জন্ম নিয়ন্ত্ৰক বেজী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2020 4:28 pm
a inject

বিশ্বৰ বজাৰত এতিয়ালৈকে কেৱল মহিলাৰ বাবেহে জন্ম নিয়ন্ত্ৰক টেবলেট অথবা বেজীৰ প্ৰচলন হৈ আছে যদিও পুৰুষৰ বাবে নাছিল কোনো জন্ম নিয়ন্ত্ৰক বেজী অথবা টেবলেট।

কিন্তু এইবাৰ পুৰুষৰ বাবেও প্ৰস্তুত কৰা হৈছে এবিধ বিশেষ জন্ম নিয়ন্ত্ৰক বেজী।

ভাৰতৰ নতুন দিল্লীৰ এদল বিজ্ঞানীয়ে দীৰ্ঘ দিনীয়া গৱেষণাৰ অন্তত প্ৰস্তুত কৰা এই বেজী গ্ৰহণ কৰা পুৰুষে কমেও ১৩ বছৰৰ বাবে সন্তান জন্মৰ প্ৰক্ৰিয়াৰ পৰা বাহিৰত থাকিব পাৰিব।

পুৰুষৰ বাবে প্ৰস্তুত কৰা এয়াই হৈছে প্ৰথমটো  জন্ম নিয়ন্ত্ৰক বেজী।

ইতিমধ্যে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই এই বেজীৰ কাৰ্যকাৰীতা প্ৰমাণ কৰি চাইছে আৰু বেজী বিধৰ প্ৰয়োগতো সেউজ সংকেত দিছে।

দেশৰ ৩০০ জন পুৰুষৰ দেহত এই বেজী পৰীক্ষামূলক ভাবে প্ৰয়োগ কৰি সুফল লাভ কৰিব পৰা গৈছে।

বেজী বিধ পুৰুষৰ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৯৭.৩ শতাংশ কাৰ্যকৰী বুলি আইচিএমআৰৰ বিজ্ঞানী আৰ এছ শৰ্মাই প্ৰকাশ কৰিছে।

তেওঁৰ মতে এই বেজী অতি নিৰাপদ আৰু ই পুৰুষৰ উৰ্বৰতা চিৰদিনৰ বাবে লাশ কৰি নেপেলায়।

কেন্দ্ৰীয় চৰকাৰৰ অনুমতি পালেই বেজী বিধ বজাৰত মুকলি কৰি দিয়া হ’ব বুলি তেওঁ কয়।