NORTHEAST NOW (Assamese)
Popular Stories

টি-২০ বিশ্বকাপ স্থগিত, সংসাৰ চলাবলৈ ডেলিভাৰী বয়ৰ কাম কৰিছে এইজন ক্ৰিকেটাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2020 3:51 pm

যদি সকলো ঠিকে থাকিলহেতেন, তেন্তে আজি তেওঁ দেশৰ হৈ বিশ্বকাপ খেলিলেহেতেন। সেয়া হ’লে তেওঁ আজি সংসাৰ চলোৱাৰ কথাও বিশেষভাৱে চিন্তা কৰিবলগীয়া নহ’লহেতেন।

কিন্তু ক’ৰ’না মহামাৰীৰ বাবে চলিত বছৰৰ টি-২০ বিশ্বকাপ স্থগিত কৰা হয়। সেয়ে বৰ্তমান তেওঁৰ হাতত কোনো ক্ৰিকেট মেচ নাই। এই পৰিস্থিতিত সংসাৰ চলাবলৈ নেডাৰলেণ্ডৰ ক্ৰিকেটাৰ পল ভান মিকেৰেনে ঘৰে-ঘৰে গৈ খাদ্য বিতৰণ কৰিব লগীয়া হৈছে।

ক্ৰিকেটাৰ গৰাকীয়ে নিজেই এটা টুইট কৰি এই কথা শ্বেয়াৰ কৰিছিল। কিন্তু তেওঁ লগতে এই কঠিন সময়ত হাঁহিমুখে থকাৰ কথাও কয়।

চলিত মাহতে অষ্ট্ৰেলিয়াত ২০২০ চনৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু মাৰ্চৰ পৰা সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত আয়োজকে টি-২০ বিশ্বকাপ বাতিল কৰিছিল।

এইবাৰৰ বিশ্বকাপত আই চি চিৰ এছ’চিয়েট দেশ হিচাপে খেলাৰ সুযোগ পাইছিল নেডাৰলেণ্ড, পাপুৱা নিউ গিনি, আয়াৰলেণ্ড, স্কটলেণ্ড, নামিবিয়া আৰু ওমানে।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশবোৰে নিজৰ মাজত শৃংখলা খেলিলেও নেডাৰলেণ্ড বা এই দেশবোৰে কোনো শৃংখলাত অংশগ্ৰহণ কৰিব পৰা নাই। ফলত ক্ৰিকেটাৰসকলে কোনো মেচ খেলিব পোৱা নাই।

নেডাৰলেণ্ডৰ ক্ৰিকেটাৰ পল ভান মিকেৰেন।

এই পৰিস্থিতিত পল ভান মিকেৰেনে নিজৰ সংসাৰ চলাবলৈ উবেৰ ইটছত ডেলিভাৰী বয়ৰ কাম কৰি আছে।

তেওঁ টুইটযোগে এই কথা জানিবলৈ দি কৈছিল, ‘হয়টো মই এতিয়া ক্ৰিকেট খেলি থাকিলোহেতেন। কিন্তু এতিয়া মই শীতকালত এটা পৰিয়াল চলাবলৈ উবেৰ ইটছত খাদ্য ডেলিভাৰিৰ কাম কৰি আছো। সময় কেনেদৰে সলনি হৈছে। যিহওক হাঁহি থাকক’।

ক্ৰিকেটাৰজনৰ এই কাহিনীটো ভাইৰেল হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত বহু লোকে তেওঁৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছে।