NORTHEAST NOW (Assamese)
Popular Stories

২৪ মাৰ্চলৈ পিছুৱালে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ জীৱ বিজ্ঞানৰ পৰীক্ষা

Posted by: এন ই নাও নিউজ March 12, 2018 6:47 pm
ahsec final year biology exam

স্থগিত ৰখা হৈছে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ জীৱ বিজ্ঞানৰ পৰীক্ষা। ১৭ মাৰ্চৰ পৰিৱৰ্তে ২৪ মাৰ্চত অনুষ্ঠিত হ’ব জীৱ বিজ্ঞানৰ পৰীক্ষা।

আনহাতে উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ তদন্তৰ ভাৰ চি আই ডিক গতোৱা হ’ব চি আই ডিক। চি আই ডিয়ে ২০১৬ চনৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা প্ৰক্ৰিয়াৰ খেলিমেলিৰ তদন্ত কৰিব।

সদৌ অসম ছাত্ৰ সন্থাই এক প্ৰে’ছ বিবৃতিযোগে এন ই নাওক এই কথা জনাইছে।

গোৱালপাৰাৰ ছায়েঞ্চ একাডেমি নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আৰ্হি প্ৰশ্ন কাকতৰ সৈতে চলি থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাৰ বিভিন্ন বিষয়ৰ প্ৰশ্ন কাকতৰ মিল থকা বুলি উঠা অভিযোগক লৈ সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই আৰু সচিব কমল গগৈৰ সৈতে আজি সোমবাৰে আছুৰ এক বৈঠক অনুষ্ঠিত হৈছিল।

উল্লেখযোগ্য যে যে প্ৰশ্ন কাকত ফাদিলৰ বিষয়টো তদন্ত কৰিবলৈ শিক্ষা সংসদে গঠন কৰা তদন্ত সমিতিয়ে এসপ্তাহৰ ভিতৰত তদন্ত প্ৰতিবেদন দিয়াৰ কথা।

সংসদৰ যুটীয়া সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকো উপস্থিত থকা এই বৈঠকত আছুৰ হৈ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ, উপ সভাপতি বিপুল ৰাভা আৰু সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত আছিল।

সমগ্ৰ খেলিমেলিৰ এক ন্যায়িক তদন্ত কৰিবলৈ আৰু দৰকাৰ হ’লে হ’ব লগা জীৱ বিজ্ঞানৰ পৰীক্ষা পিছুৱাই নতুন প্ৰশ্ন কাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা সংসদক পৰামৰ্শ দিয়া বুলি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদ মাধ্যমক জনাইছিল।

পৰীক্ষাৰ্থী আৰু অভিভাৱকক দুঃশ্চিন্তাত পেলোৱা এই প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ শিক্ষা সংসদে বাৰেপতি খণ্ডন কৰি আহিছিল।

যোৱা ২৮ ফেব্ৰুৱাৰিটো ব’হাগ বিহুৰ বাবে চলি থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ১৩ এপ্ৰিলৰ পৰীক্ষা আদবাটতে পিছুৱাইছিল সংসদে