চলি থকা অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ৰসায়ন বিজ্ঞান, গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিস্ফোৰক অভিযোগ উঠিছে।
পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা ৯ মাৰ্চত অনুষ্ঠিত হ’ব লগাৰ বিপৰীতে ৰসায়ন বিজ্ঞান আৰু গণিতৰ পৰীক্ষা যোৱা ২৭ ফেব্ৰুৱাৰি আৰু ৫ মাৰ্চত ইতিমধ্যেই হৈ গৈছে।
গোৱালপাৰাৰ ভালুকডুবি চাইন্স একাডেমি নামৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠানে আৰ্হি কাকত হিচাপে উলিওৱা কাকতখনেই ৯ মাৰ্চত হ’ব লগা পদাৰ্থ বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাৰো কাকত বুলি কালি সোমবাৰে বাতৰি ওলাইছিল।
এতিয়া অভিযোগ উঠিছে যে একেখন বেচৰকাৰী বিদ্যালয়ৰে ৰসায়ন বিজ্ঞান আৰু গণিতৰ আৰ্হি কাকতকেইখন হৈ যোৱা পৰীক্ষা কেইটাৰ কাকতৰ সৈতে হুবহু মিলি গৈছে।
সংসদৰ সচিব কমলজ্যোতি গগৈ আৰু পৰীক্ষা নিয়ন্ত্ৰকে আজি পুৱা গৈ একাডেমিখনৰ আৰ্হি কাকতসমূহ সংগ্ৰহ কৰিছে।
সচিব গগৈয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি সংগৃ্হীত কাকতসমূহ পৰীক্ষা কৰাৰ পিছত অভিযোগ সত্য প্ৰমাণিত হ’লে বিদ্যালয়খনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব।
আৰ্হি প্ৰশ্নকাকতসমূহ পৰীক্ষা কৰা হ’ল নেকি জানিবৰ বাবে এন ই নাওৰ ফালৰ পৰা সচিবজনক ফ’নত যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছে যদিও এতিয়ালৈকে তেওঁক পোৱা হোৱা নাই।
সচিবগৰাকীয়ে পৰীক্ষাৰ্থীসকলক শংকিত নহ’বলৈ আহ্বান জনাইছে যদিও পৰীক্ষা চলি থকাৰ মাজতে উঠা এই অভিযোগে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক চূড়ান্তভাৱে দুঃশ্চিন্তাত পেলাইছে।
‘পৰীক্ষা চলি থকা অৱস্থাত পৰীক্ষাৰ হেঁচাৰ মাজতে এনেধৰণৰ খবৰে ল’ৰা-ছোৱালীক চূড়ান্তভাৱে হতাশ কৰি পেলাইছে’ বুলি মন্তব্য কৰি এজন অভিভাৱকে ‘পৰীক্ষা আয়োজক শিক্ষা সংসদ আৰু শিক্ষা মন্ত্ৰীয়ে এই সন্দৰ্ভত জৰুৰীভাৱে বিষয়টো স্পষ্ট কৰক’ বুলি এন ই নাওৰ ওচৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বেও অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ব’হাগ বিহুৰ উৰুকাৰ বাবে চলি থকা প্ৰথম বাৰ্ষিকৰ এটা পৰীক্ষাৰ দিন সলনি কৰিছিল।