NORTHEAST NOW (Assamese)
Popular Stories

ছাকিবে ক্ষমা বিচাৰি হিন্দু ধৰ্মক অপমান কৰিছে : তাছলিমা নাছৰিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2020 11:21 am

কলকাতাত কালী পূজাত অংশগ্ৰহণ কৰাৰ বাবে মৃত্যুৰ ভাবুকি লাভ কৰাৰ পিছত বাংলাদেশী ক্ৰিকেটাৰ ছাকিব আল হাছানে ক্ষমা বিচাৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনপ্ৰিয় বাংলাদেশী লেখীকা তাছলিমা নাছৰিনে টুইট কৰে।

‘তেওঁ ক্ষমা বিচাৰিব নালাগে’। তেওঁ ক্ষমা বিচাৰি হিন্দু ধৰ্মক অপমান কৰা বুলিও নাছৰিনে টুইটযোগে মন্তব্য কৰে।

তাছলিমাই লগতে লিখে, ‘তেওঁৰ ক্ষমাই ইছছলামিকসকলক পূজা মণ্ডপ ভ্ৰমণ কৰা বা হিন্দুসকলক সহমৰ্মিতা প্ৰকাশ কৰা মুছলমানক হত্যা কৰিবলৈ অধিক শক্তিশালী কৰিব’।

উল্লেখ্য যে বাংলাদেশী ক্ৰিকেটাৰ ছাকিব আল হাছানে শেহতীয়াকৈ কলকাতা ভ্ৰমণলৈ আহি বেলঘাটৰ এখন কালী পূজাত অংশ লৈছিল।

ইয়াৰ পিছতে অলৰাউণ্ডাৰ ছাকিবৰ বিৰুদ্ধে ধৰ্মৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ অভিযোগ উত্থাপন কৰি এজন মুছলমান যুৱকে ফেইচবুকৰ জৰিয়তে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল।

এই ঘটনাৰ স্পষ্টীকৰণ প্ৰদান কৰি ছাকিবে ক্ষমা খোজাৰ লগতে তেওঁ কালী পূজা উদ্বোধন নকৰা বুলিও দাবী কৰে।