NORTHEAST NOW (Assamese)
Popular Stories

মোদীলৈ মমতাৰ চিঠি, ‘নেতাজীৰ জন্মদিনটো ৰাষ্ট্ৰীয় ছুটি ঘোষণা কৰক’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2020 9:52 am

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে নেতাজীৰ জন্মদিন অৰ্থাৎ ২৩ জানুৱাৰিৰ দিনটো ৰাষ্ট্ৰীয় ছুটি ঘোষণা কৰিব লাগে বুলি অনুৰোধ জনায় পুনৰ এবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে।

এইবাৰৰ চিঠিত মুখ্য মন্ত্ৰী মমতাই প্ৰধান মন্ত্ৰী মোদীক ব্যক্তিগতভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। তেওঁ লগতে নেতাজনৰ মৃত্যু ৰহস্য উদঘাটন কৰাত মোদীক সক্ৰিয় হ’বলৈ অনুৰোধ জনায়।

পত্ৰত মুখ্য মন্ত্ৰীয়ে লিখিছে যে ৰাষ্ট্ৰীয় নায়ক নেতাজী পশ্চিম বংগৰ সৰ্বশ্ৰেষ্ঠ সন্তানৰ ভিতৰত এজন।

২৩ জানুৱাৰিত নেতা জী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্মদিন। ইয়াৰ আগতে প্ৰধান মন্ত্ৰী মোদীক এই সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও মমতা বেনাৰ্জীয়ে একাধিকবাৰ ২৩ জানুৱাৰি দিনটো ৰাষ্ট্ৰীয় ছুটি হিচাপে ঘোষণাৰ দাবী জনাইছিল। তেওঁ লগতে নেতাজনৰ নিৰুদ্দেশৰ গোপন তথ্য উন্মুক্ত কৰিবলৈও দাবী জনাইছিল।

কেন্দ্ৰীয় চৰকাৰে নেতাজনৰ সৈতে সম্পৰ্কিত বিভিন্ন নথি-পত্ৰ ৰাজহুৱা কৰিলে যদিও এতিয়াও বিভিন্ন নথি-পত্ৰ অভ্যন্তৰ বিভাগৰ কাৰ্য্যালয়ত আছে।

ইফালে ৰাজ্য চৰকাৰেও নেতাজীৰ সৈতে সম্পৰ্কিত কিছু নথি-পত্ৰ ৰাজহুৱা কৰিছে।