NORTHEAST NOW (Assamese)
Popular Stories

পুলৱামাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড বিস্ফোৰণ : আহত ১২ জন লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2020 10:35 am
1605717745_img

জম্মু আৰু কাশ্মীৰ পুলৱামাত সন্ত্ৰসাবাদীৰ গ্ৰেনেড বিস্ফোৰণত অতি কমেও ১২ জন লোক আহত হৈছে। বুধবাৰে নিৰাপত্তা বাহনীৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

সূত্ৰটোৰ মতে অচিনাক্ত সন্ত্ৰাসবাদীয়ে পুলৱামাৰ কাকাপুৰা চ’কত গ্ৰেনেড নিক্ষেপ কৰি বিস্ফোৰণ সংঘটিত কৰে।

কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ তহলদাৰী জোৱানলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।

নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰি বিস্ফোৰণ ঘটালেও নিৰাপত্তা বাহিনীৰ কোনো লোক আহত হোৱা নাই বিস্ফোৰণত।

বিস্ফোৰণটোত অতি কমেও ১৩ গৰাকী সাধাৰণ লোক আহত হৈছে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে।

আহতসকলক ততাতৈয়াকৈ সমীপৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চলটোক নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যহাত ৰাখিছে।