NORTHEAST NOW (Assamese)
অসম

কুলভূষণ যাদৱক পাকিস্তানৰ হাতত তুলি দিয়া ইৰানৰ সন্ত্ৰাসবাদী নিহত হ’ল পাক সেনাৰ গুলীতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2020 3:22 pm
a Kulbhushan-Jadhav-Mullah-Omar-Irani

ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱক পাকিস্তানৰ হাতত তুলি দিয়া ইৰানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মোল্লা ওমৰৰ অৱশেষত পাক সেনাৰ গুলীতে মৃত্যু ঘটিছে।

ইৰানৰ জছ উল আদাল নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী মোল্লা ওমৰক পাকিস্তানৰ সেনাই বালুচিস্তানত গুলীয়াই হত্যা কৰিছে।

ইৰানত কূটাঘাতমূলক কাম সংঘটিত কৰাৰ লগতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ বাবেও কাম কৰা মোল্লা ওমৰেই ইৰানৰ ছাবাহাৰ বন্দৰৰ পৰা ভাৰতৰ কুলভূষণ যাদৱক পাকিস্তানৰ হাতত গটাই দিছিল।

পাক সেনাৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰখা ওমৰক শেহতীয়াকৈ ইৰানে বিচাৰি থকাৰ লগতে অতি শীঘ্ৰে ওমৰক ইৰানৰ হাতত অৰ্পন কৰিবলৈ তেহৰানে পাকিস্তানক হেঁচা দি আছিল।

মোল্লা ওমৰক ইৰানৰ হাতত গটাই দিলে পাকিস্তানৰ বহু গোপন তথ্য ফাদিল হোৱাৰ আশংকা কৰিয়েই পাক সেনাই  বালুচিস্তানৰ কেচ জিলাৰ টুৰবাত অঞ্চলত থকা ইৰানৰ সন্ত্ৰাসবাদীৰ শিৱিৰত আক্ৰমণ চলাই ওমৰক হত্যা কৰে।

পাক সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সংঘৰ্ষত মোল্লা ওমৰৰ দুই পুত্ৰও নিহত হয়।উল্লেখ্য বালুচিস্তান অঞ্চলত ইৰানৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি আছে।