NORTHEAST NOW (Assamese)
অসম

অবিশ্বাস্য: মাত্ৰ ৮৭ ঘণ্টাতে বিশ্বৰ ৭ খন মহাদেশ ভ্ৰমণ কৰিলে এই গৰাকী যুৱতীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 2:05 pm
a Khawla-AlRomaithi-p

জুলে ভাৰ্নেৰ কালজয়ী সৃষ্টি’এৰাউণ্ড দ্য ৱৰ্ল্ড ইন এইট্টি ডেজ’ত বৰ্ণিত বিশ্ব ভ্ৰমণৰ কাহিনীকো চেৰ পেলাই এইবাৰ এগৰাকী যুৱতীয়ে মাত্ৰ ৮৭ ঘণ্টাতে বিশ্বৰ ৭ খন মহাদেশ ভ্ৰমণ কৰি সকলোৰে চকু থৰ লগাই দিছে।

দিনৰ হিচাবত যুৱতীগৰাকীয়ে ৩ দিন ১৪ ঘণ্টা ৪৬ মিনিট ৪৮ ছেকেণ্ডত বিশ্বৰ ৭ খন মহাদেশৰ ২০৮ খন দেশ ভ্ৰমণ কৰিছে।

অতি কম সময়তে এনেদৰে বিশ্বৰ ৭ খন মহাদেশ ভ্ৰমণ কৰা লোক হিচাবে শেহতীয়াকৈ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে যুৱতী গৰাকীক স্বীকৃতি দিছে।

যুৱতী গৰাকীৰ নাম খাওলা এইৰ’মেথি। ঘৰ সংযুক্ত আৰৱ গণৰাজ্যত।

বিশ্ব ভ্ৰমণৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ দুৰ্বাৰ হেঁপাহ মনত কঢ়িয়াই লৈ ফুৰা খাওলাই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিশ্ব ভ্ৰমণৰ উদ্দেশ্যে ওলাইছিল।

AlRomaithi-holding-the-f

৩ দিনতকৈ কিছু বেছি সময়তে বিশ্বৰ ২০৮ খন দেশত ভৰি থৈ  ১৩ ফেব্ৰুৱাৰীৰ দিনা তেওঁ পেৰিছত ভ্ৰমণৰ সামৰণি মাৰিছিল।

ইয়াৰ পূৰ্বে ইমান কম সময়তে বিশ্বৰ ইমান বেছি সংখ্যক দেশ ভ্ৰমণ কৰাৰ অভিলেখ কোনেও গঢ়িবলৈ সক্ষম হোৱা নাছিল।

বিশ্ব ভ্ৰমণ সন্দৰ্ভত যুৱতীগৰাকীয়ে কয় যে তেওঁ পৰিয়ালৰ লোক আৰু বন্ধু-বৰ্গৰ সহায়ৰ বাবেই এই কাম কৰিবলৈ সক্ষম হৈছে।

ভ্ৰমণৰ সময়ত তেওঁ কোনো অসুবিধা পোৱা নাছিল যদিও বাৰে বাৰে বিমান সলাই থাকিবলগীয়া হোৱাত তেওঁ বিৰক্ত হৈ পৰিছিল।