NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত দিৱা-নৈশ এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা : উদ্ধোধনী খেলত মৰিগাঁও এডুকেশ্বন ইলেভেনৰ জয়লাভ

Posted by: চানু গগৈ Updated by: চানু গগৈ December 23, 2020 4:03 pm
index.jpgn

ৰজা গাঁও ক্ৰিকেট ক্লাবৰ উদ্যোগত মৰিগাঁৱৰ স্কুল খেলপথাৰত অনুষ্ঠিত হৈছে অসম ভিত্তিত দিৱা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা।

স্বৰ্গীয় অমৃত চন্দ্ৰ ডেকা সোঁৱৰণী এই প্ৰতিযোগিতাখন বুধবাৰে উদ্ধোধন কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে।

আনহাতে মৰিগাঁও এডুকেশ্বন ইলেভেন আৰু গ্ৰীণভেলি ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাখনৰ উদ্ধোধনী খেলখনত মৰিগাঁও এডুকেশ্বন ইলেভেনে ৰাণত জয়লাভ কৰে।

দিবাকৰ দাস নেতৃত্বাধীন মৰিগাঁও ইলেভেনে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৬ অ’ভাৰত ১১০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ১১১ ৰাণৰ বিজয় লক্ষ্যৰে অৱতীৰ্ণ হোৱা গ্ৰীণভেলি ক্ৰিকেট ক্লাৱে ৮৫ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, উদ্ধোধনী অনুষ্ঠানত জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈৰ লগতে বিশিষ্ট সমাজসেৱক ৰঞ্জিৎ ডেকা, জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ বৰা, মৰিগাঁও ইলেভেন দলৰ মেনেজাৰ ভবেশ ঠাকুৰীয়া, যুৱ শৰ্মা প্ৰমুখ্যে ক্ৰিড়া অনুৰাগীসকল উপস্থিত থাকে।

স্মৰ্তব্য যে, এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ২৬ ডিচেম্বৰ শনিবাৰে নিশা ৭:৩০ বজাত অনুষ্ঠিত হ’ব বুলি উদ্যোগতাসকলে জানিবলৈ দিয়ে।