NORTHEAST NOW (Assamese)
অসম

ভাৰতক সময়মতে এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম যোগান ধৰাৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিছো : ৰাছিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2020 4:47 pm

ভাৰতক এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম যোগান ধৰাৰ ক্ষেত্ৰত ৰাছিয়াই যথেষ্ট পৰিশ্ৰম কৰিছে বুলি বৃহস্পতিবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে উল্লেখ কৰে।

পূৰ্ব নিৰ্ধাৰিত চুক্তি অনুসৰি ২০২১ চনৰ শেষৰ ফালে ৰাছিয়াৰ পৰা প্ৰথম পৰ্যায়ৰ এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ভাৰতত আহি উপস্থিত হোৱাৰ কথা।

২০১৮ চনত ভাৰত চৰকাৰে ৰাছিয়াৰ সৈতে ৫ বিলিয়ন ডলাৰত পাঁচটা এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ক্ৰয় কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল।

ৰাছিয়াৰ এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেমক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম বুলি কোৱা হয়।

ভাৰতে ৰাছিয়াৰ পৰা এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ক্ৰয় কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ সময়ত চীনে প্ৰতিবাদ কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতৰ উপৰিও ৰাছিয়াই চীন, তুৰ্কীক এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম বিক্ৰী কৰিছে।