NORTHEAST NOW (Assamese)
অসম

ঝাৰখণ্ডৰ ফাৰ্ম হাউচত কুকুৰা পুহিব মহেন্দ্ৰ সিং ধোনীয়ে; অৰ্ডাৰ দিছে ২০০০ কুকুৰা পোৱালী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2020 4:13 pm
ঝাৰখণ্ডৰ ফাৰ্ম হাউচত কুকুৰা পুহিব মহেন্দ্ৰ সিং ধোনীয়ে; অৰ্ডাৰ দিছে ২০০০ কুকুৰা পোৱালী

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত এইবাৰ কুকুৰা পালনৰ বাবে মন মেলিছে মহেন্দ্ৰ সিং ধোনীয়ে।

ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ গৃহৰাজ্য ৰাঞ্চিত থকা ফাৰ্ম হাউচত এখন কুকুৰাৰ ফাৰ্ম আৰম্ভ কৰিছে।

ধোনীয়ে উক্ত ফাৰ্মত পোহাৰ বাবে মধ্যপ্ৰদেশত ২০০০ কদকনাথ কুকুৰাৰো অৰ্ডাৰ দিছে।

মধ্যপ্ৰদেশৰ এগৰাকী হাঁহ-কুকুৰা পালকৰ পৰা ধোনীয়ে উক্ত কুকুৰাৰ পোৱালী সমূহ অৰ্ডাৰ দিছে।

১৫ ডিচেম্বৰৰ ভিতৰত কুকুৰাৰ পোৱালী সমূহ ধোনীৰ ফাৰ্ম হাউচ আহি পোৱাৰ কথা।

আনহাতে, ধোনীৰ ফাৰ্ম হাউচলৈ কুকুৰাৰ পোৱালী যোগান ধৰিব পাৰে উৎফুল্লিত হৈ পৰিছে মধ্যপ্ৰদেশৰ হাঁহ-কুকুৰাৰ পালক গৰাকী।

‘‘মই ভাৰতীয় ক্ৰিকেটৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰলৈ কুকুৰা পোৱালী যোগান ধৰিব পাৰি নথৈ আনন্দিত আৰু গৌৰৱিত হৈছো,’’ মধ্যপ্ৰদেশৰ হাঁহ-কুকুৰাৰ পালক গৰাকীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, মহেন্দ্ৰ সিং ধোনীয়ে চলিত বৰ্ষৰ ১৫ আগষ্টত ভাৰতীয় ক্ৰিকেট দলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ধোনীয়ে আই পি এলত চেন্নাই চুপাৰ কিংগছক নেতৃত্ব দি ক্ৰিকেটৰ পথাৰলৈ উভতি আহিছিল।